বিশ্বনাথ, ১৫ ছেপ্টেম্বৰ :বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বিহমাৰী কাজিয়ামাটি আৰু ঠাণ্ডাপানী মাজেৰে বৈ যোৱা ঠাণ্ডাপানী নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । ফলত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে । উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা নদীখনে ইতিমধ্যে এশ বিঘাৰো অধিক বিহালী সংৰক্ষিত বনাঞ্চলকে ধৰি অঞ্চলটোৰ বহু হেক্টৰ বনভূমি খহনীয়াত যাহ গৈছে । ইয়াৰ পিচতো গুৰুত্ব নাই জিলাখনৰ জলসম্পদ বিভাগৰ লগতে স্থানীয় গাঁও পঞ্চায়ত প্ৰতিনিধি ।
আনহাতে, বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰ পাহাৰত সঘনাই বৰষুণ দিয়াৰ ফলত নদীখনৰ তীব্ৰ গতিত খহনীয়া বৃদ্ধি পাইছে । কিন্তু যদি এইদৰে তীব্ৰ গতিত খহনীয়া অব্যাহত থাকে অচিৰেই নিঃশেষ কৰিব পাৰে নিচেই কাষতে থকা বিহমাৰী স্বাস্থ্য কেন্দ্ৰ আৰু কেইবাখনো চৰকাৰী প্ৰাথমিক বিদ্যালয় । ইপিনে, এই খহনীয়াৰ বিষয়ে অঞ্চলটোৰ ৰাইজে স্থানীয় জিলা জলসম্পদ বিভাগৰ অভিযন্তা, গাঁও পঞ্চায়ত প্ৰতিনিধিৰ লগতে সাংসদ-বিধায়কক অৱগত কৰা পাচতো অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ।