অসম

assam

বিশ্বনাথত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাস্ক বিতৰণ

By

Published : Apr 25, 2021, 8:48 PM IST

বিশ্বনাথত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু বিশ্বনাথ জিলাৰ সহযোগত মাস্ক বিতৰণ ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত ক’ভিড-19 ৰ বিৰুদ্ধে সজাগতা অভিযান ভাৰতীয় জনতা যুৱ মৰ্চাৰ ।

mask distribution
বিশ্বনাথত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাস্ক বিতৰণ

বিশ্বনাথ, 25 এপ্ৰিল :সমগ্ৰ দেশৰ লগতে অসমতে ক’ভিড-19 এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইফালে ক’ভিড-19 ৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে জাৰী কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ ক’ভিডৰ পৰা সমাজ খনক সুৰক্ষিত ৰাখিবলৈ সজাগতা অভিযান আৰম্ভ কৰিছে বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ সদস্যসকলে ।

বিশ্বনাথত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাস্ক বিতৰণ

দেওবাৰে যুৱ মৰ্চাৰ সদস্যসকলে বিহালী সমষ্টিৰ ৰঙাগড় চাহ বাগিচা আৰু ৰঙাগড়ৰ কেইবাখনো গাঁৱৰ ওপৰিও বৰগাঙৰ বিভিন্ন অঞ্চলত ৰাইজক সজাগ কৰাৰ লগতে মাস্ক বিতৰণ কৰে ৷ বিশ্বনাথ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্পাদক দ্বীপজ্যোতি দত্ত, বিহালী মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি পংকজ বৰা আৰু বিহালী মণ্ডলৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে এই কাৰ্যসূচীত ৷

লগতে পঢ়ক :ধেমাজিৰ বিদ্যুতৰ মুখলৈ হাঁহি আনিছে তৰমুজৰ খেতিয়ে

ABOUT THE AUTHOR

...view details