বিশ্বনাথ,15 মে’: গহপুৰৰ নিগম পশ্চিম লাইনৰ বালিকুছিত শুকুৰবাৰে নিশা সংঘটিত হৈছে নৃশংস এক হত্যাকাণ্ড । ভদ্ৰ দাস নামৰ এজন ব্যক্তিৰ দাৰ ঘাপত ৰাজু বণিয়া(২৪) নামৰ এজন যুৱকৰ মৃত্যু হয় । শুকুৰবাৰে নিশা দুয়োজন লোকৰ মাজত ব্যক্তিগত কাৰণত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু এই সংঘাতৰ ফলতে সংঘটিত হয় এই হত্যাকাণ্ডটো ৷
গহপুৰত দাৰে ঘপিয়াই এজনক নৃশংস হত্যা
গহপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ব্যক্তিগত কাৰণত দুজন লোকৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিতে সংঘটিত হয় হত্যাকাণ্ডটো ৷
গহপুৰত দাৰে ঘপিয়াই এজনক নৃশংস হত্যা
এই ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে হাৱাজান আৰক্ষীয়ে হত্যাকাৰী ভদ্ৰ দাসক আটক কৰি গহপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: ঘনশ্যাম দাসক মুখ্যমন্ত্ৰীৰ সচিবৰূপে নিযুক্তি