বিশ্বনাথ,১১ এপ্ৰিল:শনিবাৰে নিশা বিশ্বনাথত হোৱা ধুমুহাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন হয় । বহু লোকৰ ঘৰৰ টিনপাত বতাহে উৰুয়াই নিয়াৰ উপৰিও বিশ্বনাথ নগৰৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইনব’ৰ্ড, হৰ্ডিং আদি উৰুৱাই নিয়ে ধুমুহাই । আনফালে জিলাখনৰ অসম-অৰুণাচল সীমান্তত ধুমুহাই প্ৰাণ কাঢ়ি নিয়ে এজন লোকৰ ৷
অসম-অৰুণাচল সীমান্তত ধুমুহাত মৃত্যু এজনৰ - মৃত্যু
ৰাজ্য়ত শনিবাৰে নিশা হোৱা ধুমুহাৰ ফলত বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ একে সময়তে অসম-অৰুণাচল সীমান্তৰ বিশ্বনাথত এই বতাহ ধুমুহাত প্ৰাণ হেৰুৱাই এজন লোকে ৷
প্ৰচণ্ড ধুমুহা বতাহত অসম অৰুণাচল সীমান্তত এজনৰ মৃত্যু
ঘটনাৰ বিৱৰণী অনুসৰি,সীমান্তৱৰ্তী অঞ্চলটোৰ বালিচাং পঞ্চায়তৰ অন্তৰ্গত ভাউৰাগুৰি গাঁৱৰ সৰ্বেশ্বৰ বসুমতাৰী (৭১) নামৰ এজন লোকৰ ঘৰ ধুমুহাৰ ফলত ভাঙি পৰাত ঘৰৰ ভিতৰতে মৃত্যুক সাবটি ল’ব লগা হয় লোকজনে । এই খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয় বিধায়ক তথা বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ । বৰঠাকুৰে মৃত লোকজনৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গ তথা গাঁৱবাসীৰ পৰিস্থিতিৰ বুজ লৈ জিলা প্ৰশাসনক ক্ষতিপূৰণ দিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক :বন্যহস্তীৰ তাণ্ডৱে জুৰুলা কৰিছে পেঙেৰীবাসীক
Last Updated : Apr 11, 2021, 7:39 PM IST