অসম

assam

ETV Bharat / state

চতিয়াত গঁড়ৰ আক্ৰমণত নিহত এক

গৰু এৰিবলৈ বুলি উলাই যোৱা সময়ত হঠাৎ গঁড়টো সন্মুখত উলাই আহি লোক জনক আক্ৰমণ কৰাত কৃষ্ণ বাহাদুৰ মৃত্যুৰ মুখত পৰে ।

By

Published : Jul 5, 2019, 10:22 AM IST

চতিয়াত গঁড়ৰ আক্ৰমণত নিহত এক

বিশ্বনাথ , ০৫ জুলাই :শুকুৰবাৰে পুৱা বিশ্বনাথ জিলাৰ চতিয়াৰ পালৰ গাঁৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা এটা গঁড়ৰ আক্ৰমণত এজন সমাজ কৰ্মীৰ মৃত্যু হয় । মৃত লোক জন বিশিষ্ট সমাজ কৰ্মী কৃষ্ণ বাহাদুৰ আচাৰ্য বুলি জানিব পৰা গৈছে ।

শুকুৰবাৰে পুৱা গৰু এৰিবলৈ বুলি উলাই যোৱা সময়ত হঠাৎ গঁড়টো সন্মুখত উলাই আহি লোক জনক আক্ৰমণ কৰাত কৃষ্ণ বাহাদুৰ মৃত্যুৰ মুখত পৰে । এই ঘটনাৰ পিচতেই বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ বন বিষয়া ঘটনাস্থলীত উপস্থিত হয় । উক্ত গাঁৱখনলৈ গঁড়টো অহা যোৱা কৰি থাকে যদিও বন সংমণ্ডল বিষয়া গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে গাঁওবাসীয়ে ।

ABOUT THE AUTHOR

...view details