বিশ্বনাথ, ২৩ জুন :"বিশ্বনাথৰ ৰাইজৰ ওচৰত এটা ধাৰ আছে। সেইটো হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত জিলাখন কৰ্তন কৰা হৈছিল । সেই ধাৰ মই সুদে মুলে পৰিশোধ কৰিবলৈ চেষ্টা কৰিম । লগতে অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ উপ জিলা গঠন কৰাৰ বাবে আমাৰ চৰকাৰৰ প্ৰস্তাৱ আছে"- এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
শুকুৰবাৰে বিশ্বনাথৰ আৱৰ্ত ভৱন ক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান জনসভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে তেজপুৰ আৰু বিশ্বনাথৰ ৰাইজৰ বাবে দুটা ভাল কাম হ’বলৈ গৈ আছে । সেয়া হৈছে শীঘ্ৰে গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ কাম হাতত লৈছে । ইতিমধ্যে ভূমি চিনাক্তকৰণ কৰাৰ কাম বিধায়কে কৰিছে ।
এই বছৰৰ ভিতৰতে বিধানসভাত আইন প্ৰণয়ন হ'ব আৰু নুমলীগড় কমাৰগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গাড়ী আৰু ৰে’ল চলাচল কৰিব পৰা এটা সুৰংগৰ কাম আৰম্ভ হ'ব ৷ ডি পি আৰ বনাবৰ কাৰণে ভাৰত চৰকাৰে নিবিদা আহ্বান কৰিছে ।
ইতিমধ্যে অহা ৪ তাৰিখে নিবিদা খুলিব আৰু অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কাৰ্য আগবাঢ়ি যাব । ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ আগত মই মুখ্যমন্ত্ৰী হ’ম বুলি ভৱাই নাছিলো । কিন্তু নিৰ্বাচনী সভাসমূহত সেই সময়ত এনেই কৈ দিলো এক লাখ চাকৰি দিম । তাৰ পিছতে মানুহে ধৰিছে । ময়ো মুখ্যমন্ত্ৰী হৈ গ’লো । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভগৱানৰ আশীৰ্বাদত এক লাখ চাকৰি দিলো । অকল এক লাখ চাকৰি দিলেই নহ’ব, প্ৰতি বছৰে ২০/২৫ হাজাৰ কৈ চাকৰি দি যাব লাগিব ।
ইফালে বদৰুদ্দিনৰ প্ৰসংগ উল্লেখ কৰি কয় যে আমি ৰাজনীতি এই ধৰণে কৰিছো যাতে দিছপুৰত আজমলৰ সেনানী, চামচা আৰু কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে । বিজেপি আৰু ২০ বছৰ থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মনৰ সমান জেদী বস্তু একো নাই । সেয়েহে বিধায়ক সকলে কিবা এটা ভাল কাম কৰিম বুলি ভাবিব লাগে আৰু সেয়া কৰিব লাগে ।
লগতে পঢ়ক :Barack Obama on PM Modis US visit : ভাৰতত যত্ন ল'বলৈ বহু হুছেইন অ'বামা আছে; সাংবাদিকেৰে টুইট যুদ্ধ হিমন্ত বিশ্ব শৰ্মাৰ