অসম

assam

ETV Bharat / state

বিশ্বনাথত বিশেষ চিকিৎসা শিবিৰ - বিশ্বনাথত বিশেষ চিকিৎসা শিৱিৰৰ আয়োজন

বিশ্বনাথত সাধাৰণ ৰাইজৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ । গ্ৰীন গ্ৰ' ফাউণ্ডেচনৰ উদ্যোগত CRPF আৰু অন্যান্য কেইবাটাও অনুষ্ঠানৰ সহযোগত বালিপুখুৰীত চকু,দাতঁৰ বিশেষ চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়(Free medical camp in Biswanath) ।

madical camp organized in bihali
বিশ্বনাথত বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত

By

Published : Sep 11, 2022, 7:03 AM IST

বিহালী,11 ছেপ্টেম্বৰ: বিশ্বনাথৰ বালিপুখুৰী ৰাসস্থলীত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্বনাথৰ গ্ৰীন গ্ৰ' ফাউণ্ডেচনৰ উদ্যোগত আৰু বিশ্বনাথ জিলা হিন্দু জাগৰণ অসম, CRPF, তেজপুৰ হস্পিতাল, মিলিজুলি সংঘ আৰু ৰাইজৰ সহযোগত চকু,দাতঁৰ বিশেষ চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়(Free madical camp in Biswanath) ৷ এই শিবিৰত ৬০০ৰো অধিক লোকে চিকিৎসা কৰিবলৈ নাম পঞ্জীয়ন কৰা পৰিলক্ষিত হয় ৷

যিসকল আৰ্থিকভাৱে একেবাৰে দুৰ্বল তেওঁলোকক বিনামূলীয়াকৈ চচমা প্ৰদান কৰা হয় ৷ ঔষধ প্ৰদান কৰা হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ৷ অহা ১৪ ছেপ্তেম্বৰত এই চিকিৎসা শিবিৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চল তিনিসুঁতিত অনুষ্ঠিত হব ৷ এইধৰণ বিনামুলীয়াকৈ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাত স্থানীয় ৰাইজে উদ্যোক্তাৰ শলাগ লয় ৷

লগতে পঢ়ক:দেশৰ উদ্যোগ উন্নয়নৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে সক্ষম শিক্ষাৰ্থী প্ৰস্তুত কৰিব লাগিব: বিত্তমন্ত্ৰী

ABOUT THE AUTHOR

...view details