অসম

assam

ETV Bharat / state

ভক্তৰ বাবে মুকলি কৰা হ'ল গহপুৰৰ মা কল্যানী দেৱালয়

মুকলি হ'ল গহপুৰৰ মা কল্যাণী দেৱালয় । সামাজিক দূৰত্ব বজায় ৰাখি এজন এজনকৈ ভক্তক পূজা দিয়াৰ বাবে অনুমতি দেৱালয় পৰিচালনা সমিতিৰ ৷

maa kalyani dewalya open for devotee
maa kalyani dewalya open for devotee

By

Published : Jun 9, 2020, 4:17 AM IST

বিশ্বনাথ ৮ জুন : লক্ ডাউনৰ বাবে বন্ধ হৈ থকাৰ পাচত ৭৫ দিনৰ মুৰত সোমবাৰে মুকলি হ'ল গহপুৰ মহকুমা ঘাঁহি গাঁৱত থকা 'মা কল্যাণী' দেৱালয় । যোৱা ২5 মাৰ্চ পৰা দেশত ঘোষিত লক্ ডাউন ফলত মঠ-মন্দিৰ সমূহো বন্ধ হৈ আছিল । অৱশ্যে বন্ধ হৈ থকা মঠ-মন্দিৰ, দেৱালয়সমুহ পুনৰ সোমবাৰৰ পৰা চৰকাৰে খুলিবলৈ নিৰ্দেশ দিছে ।

মা কল্যানী দেৱালয়ৰ তোৰণ

বিভিন্ন নীতি-নিয়মৰ মানি চলিবৰ বাবে প্ৰশাসনে মঠ-মন্দিৰ, দেৱালয় পৰিচালনা সমিতি সমুহলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ সেই নিৰ্দেশনা অনুসৰি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি মন্দিৰত পূজা আগবঢ়াব লাগিব ৷

মা কল্যানী দেৱালয়

গহপুৰৰ ঘাঁহি গাৱঁৰ মা কল্যাণী দেৱালয়ো সোমবাৰৰ পৰা ভক্তৰ বাবে মুকলি কৰা হয় । দেৱালয় পৰিচালনা সমিতিয়ে জনোৱা মতে, চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম অনুকৰণ কৰিছে তেওঁলোকে ৷ সামাজিক দূৰত্ব মানি ভক্তসকলক এজন এজনকৈহে পূজা আগবঢ়াবলৈ অনুমতি দিছে ৷ প্ৰতিজন ভক্তক পূজাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে তিনি মিনিটকৈ সময় ৷

ভক্তৰ বাবে মুকলি কৰা হ'ল গহপুৰৰ মা কল্যানী দেৱালয়

ভক্তসকলে যাতে কোনো ধৰণৰ ভিৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে কৰ্তৃপক্ষই ৷ দেৱালয় পুৰুহিত সকলেও নিয়ম মতে, মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে দেৱালয়খনত ৷

লগতে :পুনৰ মুকলি হ'ল মহানগৰীৰ হোটেল-ৰেষ্টুৰেন্ট

ABOUT THE AUTHOR

...view details