বিশ্বনাথ, 11 মাৰ্চঃ অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাটো বাদেই , খোদ নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিলে জিকিব নোৱাৰে ৷ অৱশ্যে এই কথা আমাৰ নহয়, এইয়া হৈছে তেজপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা প্ৰাক্তন আমোলা তথা বৰ্তমানৰ কংগ্ৰেছী এম জি ভি কে ভানুৰ৷ সোমবাৰে বিশ্বনাথত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ এখন সভাত এই মন্তব্য কৰে প্ৰাক্তন আমোলাজনে৷ আনহাতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভানুৰ পৰিৱৰ্তে তেজপুৰ লোকসভা সমষ্টিত টংক বাহাদুৰ ৰায়ক প্ৰাৰ্থিত্ব দিয়াৰ কুচকাৱাজ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় তৰুণ গগৈয়ে তেওঁক বহুত ভাল পায়, গগৈয়ে ভানুক কিমান ভালপায় সেয়া কোনো ব্যক্তিয়ে নাজানে৷
হিমন্ত নালাগে নৰেন্দ্ৰ মোডীও জিকিব নোৱাৰে তেজপুৰৰ পৰা...
তৰুণ গগৈৰ লগত কাম কৰিছে ভানুৱে , ভানুক তৰুণ গগৈয়ে কিমান ভালপায় সেয়া অন্য ব্যক্তিয়ে নাজানিব ৷
হিমন্ত নালাগে নৰেন্দ্ৰ মোডীও জিকিব নোৱাৰে তেজপুৰৰ পৰা
ইফালে , এডভাণ্টেজ আসামৰ কথা কৈ নিবনুৱাৰ কৰ্ম সংস্থাপনৰ কথা কোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনে চাকৰিৰ নামত কি কেলেংকাৰী কৰিছে সেয়া সকলোৱে দেখিছে বুলিও কটাক্ষ কৰে ভানু্ৱে ৷ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতিৰ ক্ষেত্ৰত ভানুৱে চিবি আই তদন্তৰ দাবী কৰাৰ লগতে লাই ডিটেক্টৰৰ জৰিয়তে নৱ দলেক পৰীক্ষা কৰিলে কেলেংকাৰীত কোন জড়িত সেয়াও পোহৰলৈ আহিব বুলি উল্লেখ কৰে ৷