অসম

assam

ETV Bharat / state

NCC Program in Biswanath: অসমলৈ স্বাভাৱিক পৰিবেশ ঘুৰি আহিছে: লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণা - Special Law of Army Staff

"যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলত সেনা সম্পূৰ্ণ সাজু আছে ।" বিশ্বনাথত উপস্থিত হৈ এই মন্তব্য তেজপুৰস্থিত সেনাৰ ফ'ৰ ক'ৰৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণাৰ(Lt Gen D S Rana head of army four corps in Tezpur) ।

lt gen ds rana at biswanath
অসমলৈ স্বাভাৱিক পৰিবেশ ঘুৰি আহিছে: লেফটেনেণ্ট জেনেৰেল ডি এচ ৰানা

By

Published : Oct 17, 2022, 9:03 PM IST

বিশ্বনাথ, ১৭ অক্টোবৰ:"অসমলৈ স্বাভাৱিক পৰিবেশ ঘুৰি আহিছে ৷ সেনা বাহিনীৰ বিশেষ আইন(Special Law of Army Staff) আঁতৰাই দিয়া হৈছে ৷ মোৰ ভাল লাগে ৷ উন্নতিৰ দিশে অসম আগবাঢ়ি আছে ৷ শান্তি পৰিবেশ ঘুৰি অহাৰ লগতে অসম সাংস্কৃতিক, শিক্ষা আদিৰ দিশত আগবাঢ়ি গৈছে ৷" তেজপুৰস্থিত সেনাৰ ফ'ৰ ক'ৰৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণাই বিশ্বনাথত উপস্থিত হৈ সোমবাৰে এই মন্তব্য কৰে(Lt Gen D S Rana head of army four corps in Tezpur) ৷

তেওঁ লগতে কয় যে অসম চৰকাৰৰ লগত সেনাৰ সম্পৰ্ক ভাল ৷ সুৰক্ষা সম্পৰ্কত অসম চৰকাৰৰ লগত সেনাৰ বৈঠক চলি থাকে ৷ সেনা আৰু অসম চৰকাৰৰ মাজত সমন্বয় আছে ৷ অসম চৰকাৰৰ ফালৰ পৰা অনুৰোধ আহিছিল যে ২,৭০০ কামাণ্ডোক সেনাৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ বাবে । সেই অনুসৰি নৱেম্বৰৰ পৰা কামাণ্ডোৰ ট্ৰেনিং আৰম্ভ কৰা হ'ব যাতে উগ্ৰপন্থী বিৰোধী অভিযানত এইসকল কামাণ্ডোৱে অনায়াসে অংশগ্ৰহণ কৰিব পাৰে ৷ যাতে সৰু সুৰা ঘটনাত সেনাক নিয়োগ কৰাৰ প্ৰয়োজনীয়তা নাথাকে ৷

অসমলৈ স্বাভাৱিক পৰিবেশ ঘুৰি আহিছে: লেফটেনেণ্ট জেনেৰেল ডি এচ ৰানা

এইসকল কামাণ্ডোক দহ মাহৰ প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে ৷ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণাই লগতে কয় যে বিদেশী শক্তিৰ পৰা উত্তৰ পূৰ্বাঞ্চল বৰ্তমান সম্পূৰ্ণ ৰূপে সুৰক্ষিত ৷ বৰ্তমান পৰিবেশ স্বাভাৱিক অৱস্থাত আছে আৰু সম্পূৰ্ণ সেনাৰ নিয়ন্ত্ৰণত আছে ৷ যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সেনা সম্পূৰ্ণ সাজু হৈ আছে ৷

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(National Student Force)ৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে ভাৰতীয় নৌ সেনাৰ NCC কেডেটসকলে বিশ্বনাথঘাটৰ পৰা আৰম্ভ কৰা নৌকা যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহি এই মন্তব্য কৰে লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণাই । তেওঁ লগতে অসমত বৰ্তমান সময়ত হোৱা উন্নয়নৰ প্ৰশংসাৰে ওপচাই তোলে । অসমৰ কৃষ্টি-সংস্কৃতি তথা অসমৰ পৰিৱেশ তেওঁ খুব ভাল পাই বুলিও উল্লেখ কৰে । লগতে তেওঁ উল্লেখ কৰে যে NCC এক দেশৰ গুৰুত্বপূৰ্ণ অংশ । সকলোকে NCC ত যোগদান কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক:Driver Arrested in Barpeta : হাতত আৰক্ষীৰ বন্দুকন্দু লৈ ফটো আপলোড দিয়া গাড়ী চালকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details