অসম

assam

ETV Bharat / state

প্ৰেমিকৰ প্ৰতাৰণাত মছজিদ কমিটীক আবেদন দিলে প্ৰেমিকাই

বিশ্বনাথৰ বৰগাঙত লাভ জেহাদৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰেমিকা অন্ত:সত্ত্বা হোৱাৰ খবৰ শুনি প্ৰতাৰক প্ৰেমিকে পলায়ন কৰাৰ অভিযোগ ৷ ভুক্তভোগী যুৱতীয়ে ন্যায় বিচাৰি আবেদন জনালে মছজিদ কমিটিক ।

By

Published : Jun 3, 2021, 6:29 PM IST

love-betrayal-leads-girl-to-reach-masjid-authority
প্ৰেমিকৰ প্ৰতাৰণাত মছজিদ কমিটীক আবেদন দিলে প্ৰেমিকাই

বিশ্বনাথ, 3 জুন : বিশ্বনাথ জিলাৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত শুকান সুঁতিত লাভ জেহাদৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, এগৰাকী আদিবাসী হিন্দু যুৱতীৰ সৈতে এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক ৰাখি আহিছিল ৷ কিন্তু, যুৱতীগৰাকী অন্ত:সত্ত্বা হোৱাৰ পাচত যুৱকজনে পলায়ন কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

প্ৰেমিকৰ প্ৰতাৰণাত মছজিদ কমিটীক আবেদন দিলে প্ৰেমিকাই

জানিব পৰা মতে, সম্প্ৰতি ভুক্তভোগী যুৱতীগৰাকীয়ে ন্যায় বিচাৰি বিহালী বৰগাং মছজিদ কমিটিৰ ওচৰত আবেদন জনাইছে । জানিব পৰা মতে, বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাং আৰক্ষী চকী অন্তৰ্গত নিজ বৰগাঙৰ এগৰাকী আদিবাসী যুৱতীৰ সৈতে বৰগাং শুকান সুঁতিৰ মুছলমান সম্প্ৰদায়ৰ যুৱক আশ্বাদ আলিয়ে যোৱা দুটা বছৰে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷

প্ৰেমিকৰ প্ৰতাৰণাত মছজিদ কমিটীক আবেদন দিলে প্ৰেমিকাই

আশ্বাদ আলিয়ে যুৱতীগৰাকীৰ সোণৰ সামগ্ৰী বিক্ৰী কৰাই বিক্ৰীৰ ধন লুটপাত কৰাৰ লগতে প্ৰলোভনেৰে যুৱতীগৰাকীৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক স্থাপন কৰি আহিছিল । কিন্তু, শেহতীয়াকৈ যুৱতীগৰাকী ২ মাহৰ অন্ত:সত্ত্বা বুলি জানিব পাৰি পলায়ন কৰে প্ৰেমিক আশ্বাদ আলিয়ে । ইফালে, আশ্বাদ আলিক বিচাৰি ঘৰলৈ যাঁওতে যুৱতীগৰাকীক আলিৰ পৰিয়ালে ২ লাখ টকা প্ৰলোভন দি সন্তানটি নষ্ট কৰিবলৈ চাপ দিয়া বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰে ৷ উপায়হীন যুৱতীগৰাকীয়ে ন্যায় বিচাৰি বৰগাং মছজিদ কমিটিৰ সভাপতি সম্পাদকক এখন আবেদন দিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

ABOUT THE AUTHOR

...view details