অসম

assam

ETV Bharat / state

হোজাইত ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত - Saleh Ahmmad

হোজাইত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ সাজু হৈছে জিলা আইন সেৱা প্ৰাধিকাৰী । জিলাখনত ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত । মটৰ দুর্ঘটনা, বিবাহ সংক্ৰান্তীয়, চেক বাউন্স আদি সম্পৰ্কীয় আদি গোচৰ নিষ্পত্তি কৰাৰ বাবে লোক আদালতত বিচাৰ কৰা হ'ব ।

Lok adalot to be held On 11th September
হোজাইত ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

By

Published : Aug 28, 2021, 5:58 PM IST

হোজাই, ২৮ আগষ্ট: বিভিন্ন বিবাদ নিষ্পত্তি উদ্দেশ্যৰে ১১ ছেপ্টেম্বৰত হোজাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত । হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ছালেহ আহমদে জানিবলৈ দিয়া মতে, মটৰ দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, মাটি সংক্ৰান্তীয় গোচৰ, বিবাহ সংক্ৰান্তীয়, অপৰাধ সংক্ৰান্তীয়, বেংকৰ সৈতে জড়িত, চেক বাউন্স আদি গোচৰ লোৱা হ'ব । ইফালে, ১১ ছেপ্টেম্বৰত যাতে ৰাষ্ট্ৰীয় লোক আদালত সফলভাৱে অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবে আদালত চৌহদতে ৩ আৰু ৪ ছেপ্টেম্বৰত আগতীয়া আলোচনাৰ আয়োজন কৰা হৈছে । ৰাষ্ট্ৰীয় লোক আদালতত বিচাৰ কৰিবলগীয়া গোচৰবোৰ ৯ আৰু ১০ ছেপ্টেম্বৰত লোৱা হ'ব ।

হোজাইত ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিবগৰাকীয়ে ৰাইজ আৰু উকীল সন্থাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াৱলৈ আহ্বান জনাইছে । আনহাতে, কোনো লোকে যদি এই সন্দৰ্ভত সবিশেষ তথ্য জানিব বিচাৰে তেন্তে, হোজাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ আহিবলৈ অনুৰোধ জনাইছে । লগতে মেইলযোগেও তথ্য লাভ কৰিব বুলি তেওঁ জানিবলৈ দিছে আৰু কাৰ্যালয়ৰ ৬৯০১২৮২৬৩৩ ফোন নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনায় । তেওঁ কয় যে, লোক আদালতে অতি কম সময়ৰ ভিতৰতে গোচৰৰ নিষ্পত্তি কৰে ।

গতিকে তেওঁ ৰাইজক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১০ জুলাইত হোজাইত লোক আদালত অনুষ্ঠিত হৈছিল । কোনো আদালতত নিষ্পত্তি নোহোৱা গোচৰ অথবা আদালতলৈ যোৱাৰ পূৰ্বে আলোচনাৰ মাজেৰে মীমাংসা কৰিব বিচৰা গোচৰৰ নিষ্পত্তি কৰা হয় লোক আদালতত ।

লগতে পঢ়ক:কৃত্ৰিম বানত ডুবাৰ আশংকা পাথৰকুঁৱেৰীৰ VIP Road

ABOUT THE AUTHOR

...view details