অসম

assam

ETV Bharat / state

CBSE Class 10th Result 2022: ৯৯.৮০% ৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে লোচনা বাচটোলাই - বিশ্বনাথৰ গোপাল শৰ্মা বাচটোলা আৰু মেনকা বাচটোলাৰ কন্যা লোচনা

CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ৯৯.৮০% লাভ কৰি জিলিকি উঠিল বিশ্বনাথৰ লোচনা বাচটোলা (Lochana Bastola shine in CBSE exam result 2022)৷

lochana baastola brings glory to vishwanath with 99.80 percent in cbse
৯৯.৮০% ৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিছে লোচনা বাচটোলাই

By

Published : Jul 23, 2022, 9:33 AM IST

বিশ্বনাথ, 23 জুলাই:শুকুৰবাৰে ঘোষিত হ’ল CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল (CBSE Class 10 results declared) ৷ CBSEৰ ফলাফলত বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে । বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটোলাই (Lochana Bastola) CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত (CBSE 10th Results)ত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাত উৎফূল্লিত গাঁওবাসী ।

বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয় (JNV)ৰ ছাত্ৰী লোচনাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । চলিত বৰ্ষৰ পৰা স্থানপ্ৰাপ্তৰ নাম প্ৰকাশত কিছু নতুন নিয়ম বলবৎ কৰাত ছাত্ৰীগৰাকীৰ স্থান বৰ্তমানলৈ ঘোষণা কৰা নাই ৷

৯৯.৮০% ৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিছে লোচনা বাচটোলাই

উল্লেখ্য যে, শ্বিলং মণ্ডলৰ জৱাহৰ নৱোদয় শিক্ষা সমিতিৰ অধীনৰ বিশ্বনাথৰ নৱোদয় বিদ্যালয় লোচনাই ইংৰাজী, গণিত, অসমীয়া, সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰকৈ লাভ কৰাৰ বিপৰীতে বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰিছে । 99.80 শতাংশ নম্বৰ লাভেৰে ৰাজ্যত জিলিকি উঠিছে মেধাৱী লোচনা ৷

সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন মেলিছে মেধাৱী ছাত্ৰীগৰাকীয়ে । ইফালে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ পৰা জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে কোনো নিৰ্দিষ্ট ৰুটিন অনুসৰণ নকৰাকৈ বিদ্যালয়ৰ শিক্ষাগুৰুৰ জৰিয়তে এই সফলতা লাভত অত্যন্ত সুখী লোচনাৰ পৰিয়াল ।

আনহাতে মেধাৱী ছাত্ৰীগৰাকীৰ ফলাফল লাভৰ পিছতে শ্বিলং মাণ্ডলিক কাৰ্যালয়ৰ শীৰ্ষ বিষয়াই লোচনাক অভিনন্দন জ্ঞাপন কৰে । বিশ্বনাথৰ গোপাল শৰ্মা বাচটোলা আৰু মেনকা বাচটোলাৰ কন্যা লোচনাই ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰি আহিছে ।

লগতে পঢ়ক:CBSE Result: চিবিএছই দশম শ্ৰেণীৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

...view details