বিশ্বনাথ, 29 ছেপ্টেম্বৰ : যি সময়ত দেশত চৰকাৰে অমৃত মহোৎসৱ অনুষ্ঠিত কৰিছে সেই সময়তে বিশ্বনাথৰ এটা অঞ্চলৰ ৰাইজৰ বাবে অমৃত গৈ বিহত পৰিণত হৈছে । ৰাজ্য চৰকাৰখনে সুগম বাট পথৰ কথা কৈ থকাৰ সময়তে বিশ্বনাথৰ এই অঞ্চলটোৰ এক দৃশ্যই সকলোৰে চকু কপালত তুলিছে । উল্লেখ্য যে, কিছু বছৰ পূৰ্বে বিশ্বনাথৰ চতিয়াত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে টৌত উঠি বিদ্যালয়লৈ যোৱাৰ বাতৰি প্ৰকাশ হৈছিল । সেই বাতৰিৰ পিচতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ।
এইবাৰ পুনৰ তেনে এক খবৰেই সকলোকে আচৰিত কৰি তুলিছে ৷ দৈনিক প্ৰায় 300/400 ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰা এটা ৰাস্তাত নাই এখন দলং ৷ চৰকাৰৰ দ্বাৰা অৱহেলিত উক্ত ঠাইডোখৰত বাঁহৰ দলং বনোৱা হৈছিল সেইবোৰ স্থায়ী নহয় ৷ এই কাৰ্য সংঘটিত হৈছে বিশ্বনাথৰ চোটপামত । চোটপামৰ সমীপৰে বৈ গৈছে জিনজিয়া নলা । কিন্তু নলাটোৰ দক্ষিণপাৰে থকা চিলামাৰী গাঁৱকে ধৰি কেইবাটাও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে নলাটোৰ উত্তৰ পাৰে থকা বিদ্যালয়লৈ আহিবলৈ নিতৌ টুলুঙা নাঁৱত উঠি বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হয় । আনকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ১০ টকাকৈ ভাড়া দিব লাগে নাৱৰীয়াক ।