বিশ্বনাথ ১১ মাৰ্চ:বিহালীৰ বাঘমৰা ব্লক কংগ্ৰেছৰ অধীনৰ তিনিসূতি মণ্ডল কংগ্ৰেছৰ সভাপতি কৃষ্ণ চুব্বাই অঞ্চলটোৰ লক্ষী চেন্টাৰত অনুষ্ঠিত এক যোগদান অনুস্থানত মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত বিজেপিত যোগদান কৰে ৷ কৃষ্ণ চুব্বাৰ লগতে মণ্ডলৰ সম্পাদককে ধৰি এশগৰাকী কংগ্ৰেছ কর্মীয়েও যোগদান কৰিলে বিজেপিত ।
বিহালীত কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান - bharatiya janata party
বিহালীৰ তিনিসূতি মণ্ডল কংগ্ৰেছৰ সভাপতিৰ বিজেপিত যোগদান ৷ যোগদানৰ পাছতেই কংগ্ৰেছক সমালোচনা কৰি কৃষ্ণ চুব্বাই ক’লে, বিগত দিনবোৰত অঞ্চলটোত কংগ্ৰেছ শাসিত পূৰ্বৰ চৰকাৰখনে উন্নয়নৰ পৰিৱৰ্তে মাথো একাংশ দালালৰহে সৃষ্টি কৰিলে ৷

বিহালীত কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান
যোগদানৰ পাছতেই কংগ্ৰেছক সমালোচনা কৰি কৃষ্ণ চুব্বাই ক’লে, বিগত দিনবোৰত অঞ্চলটোত কংগ্ৰেছ শাসিত পূৰ্বৰ চৰকাৰখনে উন্নয়নৰ পৰিৱৰ্তে মাথো একাংশ দালালৰহে সৃষ্টি কৰিলে ৷ তাৰোপৰি বহু দিনৰে পৰা কংগ্ৰেছত থাকি এক তিক্ততা অনুভৱ কৰা বুলিও উল্লেখ কৰিলে চুব্বাই ৷
লগতে পঢ়ক: প্ৰিয়ংকা গান্ধীক সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ