বিশ্বনাথ, ১৯ আগষ্ট : ‘‘মানুহবোৰ আজিকালি বেছি ব্যক্তিকেন্দ্ৰিক হৈছে । সমাজৰ প্ৰতি দায়বদ্ধতা নোহোৱা হৈছে । যুৱ প্ৰজন্মও অধিক যান্ত্ৰিকতাৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে ৷’’ এই মন্তব্য বিশ্বনাথৰ বেদেতীৰ বিশিষ্ট সাহিত্যিক তথা ২০২০-২১ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰাপ্ত ভূধৰ বৰাৰ । ৭৪ তম্ স্বাধীনতা দিৱস দিনা অসমৰ কেইবাজনো সাহিত্যিক-শিল্পী-সাংবাদিকক অসম চৰকাৰে পেঞ্চন আগঢ়াইছিল তাৰ ভিতৰত সাহিত্যিক পেঞ্চন প্ৰাপ্ত অন্যতম বিশিষ্ট সাহিত্যিক ভূধৰ বৰা ।
সাহিত্য গৰাকীয়ে কিদৰে সাহিত্য চৰ্চা কৰিছিল সোধাত তেওঁ কয় যে, বিদ্যালয়ত অধ্যয়নকালৰ পৰাই সাহিত্য সমাজৰ প্ৰতি কিবা এটা কৰাৰ ইচ্ছা মনত লৈ কাম কৰি আহিছিল । কিদৰে যুৱ প্ৰজন্মক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিব পৰি তাৰ অহৰহ চেষ্টা কৰি আহিছিল ভূধৰ বৰাই । নাটক লিখি ভালপোৱা বৰাই 1984 চনতে ড্ৰাগছৰ ওপৰত বাটৰ নাট লিখি বলিষ্ঠ ভাৱে আত্মপ্ৰকাশ কৰাৰ পাচত এলান্ধু নামৰে এখন পূৰ্ণাংগ নাট ৰচনা কৰিছিল । তেতিয়াৰ পৰাই তেওঁ খ্যাতি বিয়পি পৰে ৷ তাৰ পাচত তেওঁ আৰু পিচলৈ ঘূৰি চাব লগীয়া হোৱা নাই ।