বিহালী, 7 নৱেম্বৰ : জিলা আইন সেৱা প্ৰাধিকৰণৰ (Legal Services Authorities Act) উদ্যোগত দেওবাৰে বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়া মহাবীৰ হাইস্কুলত নাগৰিকসকলৰ আইন সজাগতা সম্পৰ্কত এখন সভা অনুষ্ঠিত হৈ যায় । বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ সমন্বয়ক হেমাংগ দাসে আঁত ধৰা সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিনজিয়া মহাবীৰ হাইস্কুলৰ প্ৰধান শিক্ষক টঙ্কেশ্বৰ বৰাই (Legal Services Authority organized awareness meeting)।
সজাগতা সভাত শ্ৰম বিভাগৰ তপন চেত্ৰীয়ে শ্ৰমিকসকলৰ উন্নয়নৰ বাবে শ্ৰমিক কল্যাণ আঁচনি তথা শ্ৰমিকৰ বাবে লোৱা বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে । শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ মতি কুমাৰ নেৱাৰে শিশুৰ অধিকাৰৰ ওপৰত বক্তব্য প্ৰদান কৰি শিশু সুৰক্ষা সমিতিৰ যোগেদি শিশু শ্ৰমিক ৰোধ কৰা, চৈধ্য বছৰলৈকে শিক্ষা ব্যৱস্থা বাধ্যতামূলক কৰা আদি বিষয় প্ৰসংগত মন্তব্য আগবঢ়াই (LSA organized awareness meeting) ৷
ইফালে অধিবক্তা জেবিনা বৰাই জিলা আইন সেৱা প্ৰাধিকৰণৰ যোগেদি মহিলা, অনুসূচিত জাতি-জনজাতি আৰু অৰ্থনৈতিকভাবে দুৰ্বল শ্ৰেণীৰ বাবে বিনামূলীয়া আইনৰ কথা ভাষণযোগে অৱগত কৰে ৷ শিশু সুৰক্ষা গোটৰ সদস্যা অৱনী হাজৰিকা আৰু কিশোৰ ন্যায় ব’ৰ্ডৰ বিতুপন শৰ্মাই শিশুসকলৰ অধিকাৰৰ ওপৰত বক্তব্য আগবঢ়ায় । সখী একক অৱস্থান কেন্দ্ৰৰ নৱনীতা পূজাৰীয়ে মহিলা আৰু কিশোৰীসকলৰ সমস্যা, আইনৰ সাহায্যৰ ওপৰত আগবঢ়ালে পৰামৰ্শ । লগতে বাল্য বিবাহৰ ওপৰতো তেখেতে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।