বিশ্বনাথ,25 ফেব্ৰুৱাৰীঃৰাজ্যত এতিয়া আধাৰশিলা স্থাপন আৰু বিভিন্ন আঁচনি মুকলিৰ অনুষ্ঠানৰ পৰ্ব চলি থকা পৰিলক্ষিত হৈছে ৷ সকলোৰে উদ্দেশ্য এটাই- সমাগত নিৰ্বাচন ৷ বিভিন্ন ৰাজনৈতিক নেতাসকল এতিয়া ব্যস্ত হৈ পৰিছে আধাৰশিলা স্থাপন পৰ্বত ৷ বাদ পৰি ৰোৱা নাই বিধায়ক উৎপল বৰা ৷
বুধবাৰে গহপুৰ বিধায়ক উৎপল বৰাই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ'বলগীয়া হাৱাজানৰ পৰা নিজ গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে । তাৰ লগতে পূৱ কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাটাও উন্নয়ন মুলক আঁচনি আৰু সোণাপুৰ গাঁও পঞ্চায়তৰ নাৰেংগুৰীত আনটাইড পুঁজিৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমূহীয়া ভৱনটোৰ আধাৰশিলাও স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷