অসম

assam

ETV Bharat / state

বিশ্বনাথত লাট মণ্ডলে 10 হাজাৰ টকা দাবী কৰিলে দৰিদ্ৰ মহিলাক

বিশ্বনাথ মহকুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ দৰিদ্ৰ মহিলাৰ ৷ উপায়ুক্ত লিখিত অভিযোগ ভুক্তভোগী মহিলাৰ ৷

বিশ্বনাথত লাট মণ্ডলে 10 হাজাৰ টকা দাবী কৰিলে দৰিদ্ৰ মহিলাক
বিশ্বনাথত লাট মণ্ডলে 10 হাজাৰ টকা দাবী কৰিলে দৰিদ্ৰ মহিলাক

By

Published : Aug 7, 2021, 8:59 PM IST

বিশ্বনাথ, 7 আগষ্ট :বিশ্বনাথ জিলাত ইজনৰ পাছত সিজন লাট মণ্ডলে দৰিদ্ৰ পৰিয়ালক ধন দাবী কৰাৰ ঘটনা বিগত কিছুদিনৰ পৰা পোহৰলৈ আহিছে ৷ কিছুদিন পূৰ্ৱে গহপুৰ মহকুমাৰ অন্তৰ্গত গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত এজন লাট মণ্ডলে দৰিদ্ৰ পৰিয়ালৰ পৰা ধন দাবী কৰা ঘটনাৰ চাঞ্চল্য নৌযাওতেই এজন লাট মণ্ডলে পুনৰ দৰিদ্ৰ পৰিয়ালক ধন দাবী কৰি চাকৰিৰ পৰা নিলম্বিত হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷

বিশ্বনাথত লাট মণ্ডলে 10 হাজাৰ টকা দাবী কৰিলে দৰিদ্ৰ মহিলাক

তাৰ পাছতো কিন্তু শিক্ষা লোৱা নাই জিলা খনৰ একাংশ লাট মণ্ডলে । শেহতীয়াকৈ চৰকাৰী নীতি-আদৰ্শৰ সকলো সীমা চেৰাই গৈ এগৰাকী মহিলাৰ পৰা ধন দাবী কৰাৰ ঘটনা পোহৰলৈ আহিছে জিলাখনত ৷ ঘটনা অনুসৰি বুধবাৰে অহা এজাক বতাহ ধুমুহাই বিহালী ৰৌমাৰী মালতি মালা নামৰ ভুক্তভোগী মহিলা গৰাকীয়ে নিৰ্মাণ কৰি থকা দোকান ঘৰটোত এজোপা প্ৰকাণ্ড শিমলু গছ উভালি পৰি সম্পূৰ্ণ ৰূপে ঘৰটো ভাঙি পেলায় ৷

উপায়ন্তৰ হৈ মহিলা গৰাকীয়ে স্থানীয় গাওঁবুঢ়াক খবৰ দিয়ে আৰু গাওঁ বুঢ়াই ঘটনাটোৰ বিষয়ে জনাই বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া লাট মণ্ডল তেজেন হাজৰিকা খবৰ দিয়ে ।

তাৰ পাছতে বুধবাৰে বিয়লি ৪ বজাত লাট মণ্ডল তেজেন হাজৰিকা উপস্থিত হয় ভুক্তভোগী মহিলাগৰাকীৰ বাসগৃত । গছে ভাঙি পোলোৱা দোকানঘৰটো পৰিদৰ্শন কৰি লাট মণ্ডল তেজেন হাজৰিকাই মহিলা গৰাকীক ৰিৰ্পোট বনাই জমা দিয়াৰ নামত 10 হাজাৰ টকা দাবী কৰে ৷ অন্যথা ৰিৰ্পোট বনাই দিলেও সৰ্ম্পূণকৈ বনাই নিদিয়াৰ কথা মহিলা গৰাকীক অৱগত কৰে লাট মণ্ডল গৰাকীয়ে ৷

বিশ্বনাথত লাট মণ্ডলে 10 হাজাৰ টকা দাবী কৰিলে দৰিদ্ৰ মহিলাক

আনহাতে, এই সমগ্ৰ ঘটনাৰ সৰ্ন্দভত শনিবাৰে বিশ্বনাথ জিলা উপায়ুক্তক ভুক্তভোগী মহিলা গৰাকীয়ে লিখিতভাৱে অৱগত কৰে । তাৰ পাছতে এই সমগ্ৰ ঘটনাটোৰ সৰ্ন্দভত বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

সমিতিৰ সাধাৰণ সম্পাদক অনিল বনীয়াই সমগ্ৰ ঘটনাৰ উৰ্চিত তদন্তৰ দাবী কৰি কয় যে, দৰিদ্ৰ মহিলা গৰাকীক ৰিপৰ্ট প্ৰস্তুত কৰাৰ নামত ধন দাবী কৰা লাট মণ্ডল জনৰ বিৰুদ্ধে শীঘ্ৰে জিলা উপায়ুক্তই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়কঃ ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

ABOUT THE AUTHOR

...view details