বিশ্বনাথ ১ জুলাই : অবৈধ অৰুণাচলী সুৰা(illegal arunachali liquor)ৰ বিৰুদ্ধে বিশ্বনাথ জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । দৈনিক জিলা খনৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে শ শ অবৈধ অৰুণাচলী সুৰাৰ বটল । আন দিনৰ দৰেই বৃহস্পতিবাৰৰ দিনটোত জিলাখনৰ গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰিসেশ্বৰ শইকীয়া নেতৃত্বত চলোৱা এক গোপন অভিযানত টকৌবাৰী অঞ্চলৰ গেলামালৰ দোকানী অনিল মিলিৰ ঘৰৰ পৰা খণ্ড আৰক্ষী বিষয়া আৰু হেলেম আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা ৭৩ কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।
আনহাতে, একেটা দিনতে বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া(police officer in charge ) কমল বড়োৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে দিনৰ প্ৰায় ১১ মান বজাত বিহালী আৰক্ষী থানা অধীনৰ বৰভীল চাহ বাগিচাৰ এজন সুৰা ব্যৱসায়ীৰ ঘৰত অভিযান চলায় । এই অভিযানত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। উল্লেখ্য যে, বৰভীল চাহ বাগিচাৰ নিলবাৰী নিবাসী ধৰম নায়ক নামৰ লোক জনৰ ঘৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা মজুত কৰি ৰখা তথ্য লাভ কৰিছিল বিহালী আৰক্ষীয়ে ।
উক্ত তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত বিভিন্ন ব্ৰেণ্ডৰ ৫৭৮ টা অবৈধ অৰুণাচলী সুৰা বটল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ।