বিশ্বনাথ, ৯ অক্টোবৰ : আজি অৰ্থাৎ দেওবাৰে হিন্দু ধৰ্মৰ ধন-সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা (Lakshmi Puja 2022) । লক্ষ্মী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ লক্ষ্মী মন্দিৰসমূহ (Lakshmi Puja celebration in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে লক্ষ্মী পূজাৰ আয়োজন (Lakshmi Puja celebration in Biswanath)।
বিগত দুটা বছৰে ক’ভিড-১৯ বাবে নিমাওমাও পৰিৱেশে বিৰাজ কৰা বিশ্বনাথৰ সাধাৰু খেলপথাৰৰ লগতে বিহালী সমষ্টিৰ বিহালী চাহ বাগিছা খেল পথাৰতো এইবাৰ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে (Lakshmi Puja celebration at Behali ) ৷