বিশ্বনাথ, ৯ ছেপ্টেম্বৰ:বিশ্বনাথ চাৰিআলি নগৰৰ লগতে একাধিক স্থানত ৰোপণ কৰা প্ৰতিজোপা গছক জীৱন দিয়া মানুহগৰাকী আজি জীৱন মৃত্যুৰ সৈতে যুঁজি আছে । সমগ্ৰ বিশ্বনাথক সেউজীয়া কৰি তোলা ব্যক্তি গৰাকী আজি শয্যাগত । এই গৰাকী ব্যক্তিয়ে নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি লাভ কৰা ধনেৰে প্ৰায় দহ হাজাৰতকৈ অধিক গছ পুলি ৰোপণ কৰি সমগ্ৰ বিশ্বনাথৰ লগতে ৰাজ্যখন সেউজীয়া কৰাৰ প্ৰয়াস কৰি আহিছে । এইগৰাকী ব্য়ক্তিৰ নাম কুমুদ বৰুৱা ।
কুমুদ বৰুৱা পেছাত এগৰাকী অধিবক্তা যদিও এতিয়া সেই পেছা এৰি নিজৰ সমস্ত গাঁঠিৰ ধন খৰচ কৰি বিশ্বনাথৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এই লোকগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক হৈ আছে । নিজৰ ম্যাদী পট্টাৰ মাটি বিক্ৰী কৰিও বিশ্বনাথক সেউজীয়া কৰি তোলা ব্যক্তিগৰাকীয়ে কালি গুৱাহাটীত সুধাকণ্ঠ ভাৰতৰত্ন ড০ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত গছ পুলি ৰোপণ কৰিবলৈ গৈছিল । কিন্তু গুৱাহাটী পোৱাৰ পূৰ্বেই নেলীত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কুমুদ বৰুৱা । ইতিমধ্যে কুমুদ বৰুৱাৰ দেহৰ ৰাজহাড় ভাঙিছে বুলি জানিব পৰা গৈছে ।