অসম

assam

ETV Bharat / state

Assam Arunachal Border Conflict : বিহালীত পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ দপদপনি - former chief minister Tarun Gogoi

পুনৰ বিহালীত অসমৰ ভূমিত অৰুণাচলীৰ দপদপনি। ২৯ জানুৱাৰীৰ বিহালীৰ চাউলধোৱা গণহত্যাৰ ৯ বছৰ (9 years of Bihali Chauldhowa massacre) । কৃষক মহাসভাৰ শ্ৰদ্ধাঞ্জলি । প্ৰস্তাৱিত তিনিটা বিঅ'পি নিৰ্মাণৰ দাবী ।

Biswanath
Biswanath

By

Published : Jan 30, 2023, 1:15 PM IST

বিহালী গণহত্যাৰ নৱম বৰ্ষপূৰ্তি

বিশ্বনাথ, ৩০ জানুৱাৰী :বিহালীৰ অসম-অৰুণাচল সীমান্তৰ চাউলধোৱাত অৰুণাচলী দুষ্কৃতিকাৰীৰ হাতত ১৫ জন সীমান্ত প্ৰহৰী নিহত হোৱা দেওবাৰে ৯ বছৰ সম্পূৰ্ণ হয় (9 years of Bihali Chauldhowa massacre) । শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা আৰু সমস্যা সম্পৰ্কে আলোচনাৰ উদ্দেশ্যৰে কৃষক মহাসভা, অসমে দেওবাৰে বৰগাঙত এখন সভা অনুষ্ঠিত কৰে (Krisak Mahasabha Assam) । সভাত চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় (Assam Arunachal border conflict) । চাউলধোৱা গণহত্যাৰ পিছত অসম চৰকাৰে আন্দোলনকাৰী পক্ষৰ লগত আলোচনা কৰি বিহালী বনাঞ্চলত ৬ স্থানত বিঅ'পি কেম্প বনোৱাৰ সিদ্ধান্ত লয় (BOP at Assam Arunachal border) ।

কিন্তু সেই সময়ত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে তিনিটা বিঅ'পি কেম্প স্থাপন কৰে যদিও এতিয়ালৈকে বাকী তিনিটা কেম্প নিৰ্মাণ নহ'ল (former chief minister Tarun Gogoi) । সেই সময়ত অসমৰ বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে বৰগাঙত আন্দোলনকাৰীসকলক সমৰ্থন জনাই মুখ্যমন্ত্ৰী তৰুণ গগৈক ক্ষুৰধাৰ সমালোচনা কৰিছিল (former MP Bijaya Chakrawarti) । কিন্তু বৰ্তমান ৭ বছৰে অসমত বিজেপি দলে চৰকাৰ চলাই থকাৰ পিছতো বাকী থকা কেম্পকেইটা নিৰ্মাণ কৰিব নোৱাৰিলে বুলি সভাত অভিযোগ উত্থাপন হয় আৰু শীঘ্ৰে প্ৰস্তাৱিত তিনিটা কেম্প স্থাপন কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

অসম চৰকাৰে মন্ত্ৰী গোট গঠন কৰি অসমৰ সীমা সমস্যা সমাধানৰ বাবে যিবোৰ সিদ্ধান্ত লৈছে সেইবোৰ ৰাজহুৱা কৰিব লাগে আৰু অসমৰ যিখিনি মাটি অৰুণাচলৰ অন্তৰ্ভুক্ত হৈছে সেই সম্পৰ্কে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে বুলি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উল্লেখ্য যে চাউলধোৱা হত্যাকাণ্ডৰ চিবিআই আদালতত বৰ্তমানেও গোচৰ প্ৰক্ৰিয়া চলি আছে । সেয়ে যিসকলে সাক্ষ্য প্ৰদান কৰিছে সেইসকল লোকৰ জীৱন আৰু সম্পত্তিৰ চৰকাৰে নিৰাপত্তা প্ৰদান কৰিব লাগে বুলিও প্ৰস্তাব গ্ৰহণ কৰা হয় ।

উল্লেখ্য, ২০০১ চনত অসমৰ ভূমি ৰক্ষাৰ বাবে সীমান্তৱৰ্তী নাহৰজানত এখন কাৰ্বি গাঁও স্থাপন কৰা হৈছিল । বৰ্তমান সেই গাঁওখন অৰুণাচলত অন্তৰ্ভুক্ত হৈছে । গতিকে সেই গাঁওখন পুনৰ অসমলৈ ঘূৰাই অনাৰ দাবী জনায়ো প্ৰস্তাৱ গ্ৰহণ কৰা হয় । আনহাতে, উক্ত সভাত বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে এই বিজেপি চৰকাৰখনৰ দুৰ্বলতা আৰু অৰুণাচলীক অসমৰ ভূমি দিয়াৰ যি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনা সফল হ'বলৈ দিয়া নহ'ব বুলি প্ৰকাশ কৰে । লগতে পুনৰ বিহালী বনাঞ্চলত অৰুণাচলীয়ে অসমৰ ভূমি অবৈধভাৱে দখল কৰাৰ কথা প্ৰকাশ কৰি শীঘ্ৰে অসমৰ সীমান্ত সমস্যা সমাধানৰ দাবী জনায় । কৃষক মহাসভাৰ অনন্ত হাজৰিকা, বাহাদুৰ কায়স্থ আৰু প্ৰাঞ্জল কুটুমৰ আহ্বানত অনুষ্ঠিত সভাখনত চিপিআইৰ (এম এল) ৰাজ্যিক সম্পাদক বিবেক দাসৰ লগতে বিভিন্নজনে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক :Doli Hazarika death: বিহপুৰীয়াত পথ দুৰ্ঘটনাত সংবাদকৰ্মী ডলী হাজৰিকাৰ মৃত্যু

ABOUT THE AUTHOR

...view details