অসম

assam

ETV Bharat / state

বিশ্বনাথৰ পৰ্যটন অনুগামী কিশোৰ হাজৰিকালৈ বঁটা - Eco tourisim destination of the year award

ইতিহাস প্ৰসিদ্ধ বিশ্বনাথকলৈ বিশেষ প্ৰচেষ্টা ৷ এই ইতিহাস প্ৰসিদ্ধ বিশ্বনাথতে আছে উনকোটি শিৱলিংগ ৷ মহাবাহুৰ পাৰত সদম্ভে প্ৰকাশি আছে বেদ উপনিষদ,পুৰাণৰ বহু কাহিনী ৷ এই বিশ্বনাথৰ পৰা চাওঁক আমাৰ এক প্ৰতিবেদন ৷

বিশ্বনাথৰ পৰ্যটন অনুগামী কিশোৰ হাজৰিকালৈ বঁটা

By

Published : Sep 24, 2019, 2:31 PM IST

বিশ্বনাথ, 24 ছেপ্টেম্বৰঃ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ বিশ্বনাথ ঘাটক পৰ্যটকৰ বাবে অন্যতম এক আকৰ্ষণৰ স্থান ৷ প্ৰাচীন কালৰে পৰা বিশেষকৈ আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰাই এক ধাৰ্মিক কেন্দ্ৰ স্থল হিচাপে জনাজাত আছিল বিশ্বনাথ ৷ কিন্তু পৰিতাপৰ বিষয় এই যে পৰ্যটনৰ পৰ্যাপ্ত সম্ভাৱনা থকাৰ পাচতো উপযুক্ত আন্তঃগাথনিৰ অভাৱত বৰ্তমানো এলাগী হৈ আছে বিশ্বনাথ ঘাট ৷

বিশ্বনাথত থকা চণ্ডী মন্দিৰ

কিন্তু বিশ্বনাথৰ কিশোৰ হাজৰিকা নামৰ লোকজনে বিশ্বনাথঘাটক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ বিগত পাঁচ বছৰে অহৰহ চেষ্টা চলাই আহিছে ৷ বিশ্বনাথ ঘাটৰ অতি প্ৰাচীন মন্দিৰ সমূহো সংৰক্ষণ আৰু প্ৰচাৰৰ চেষ্টা চলাই আহিছে তেওঁ ৷ মহাবাহুৰ মাজত থকা বিশ্বনাথৰ উমাটুমুণি দ্বীপত এখন ব্যক্তিগত ৰিজৰ্টত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি নিৰ্মাণ কৰি তেওঁ জীৱ-জন্তু সংৰক্ষণৰ বিষয়েও সজাগতা সৃষ্টি কৰা দেখা গৈছে ।

বিশ্বনাথৰ পৰ্যটন অনুগামী কিশোৰ হাজৰিকালৈ বঁটা প্ৰদান

বিশ্বনাথ ঘাটক পৰ্যটনৰ অন্যতম স্থান হিচাপে বিশ্বৰ আগত চিনাকি কৰাই দিয়াৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হোৱা 'India international travel Mart'এ বিশ্বনাথৰ কিশোৰ হাজৰিকাক 'Eco tourisim destination of the year award'ৰে সন্মানিত কৰে ৷

ঐতিহাসিক বিশ্বনাথ মন্দিৰ

ABOUT THE AUTHOR

...view details