বিশ্বনাথত মন্ত্ৰী কেশৱ মহন্ত - আৰক্ষী অধীক্ষকৰ
বানাক্ৰান্তৰ খবৰ লবলৈ বিশ্বনাথত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত ৷ উপায়ুক্ত - আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা ৷ জিলাখনত বানৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে
বিশ্বনাথত মন্ত্ৰী কেশৱ মহন্ত
বিশ্বনাথ, 18 জুলাই : বিশ্বনাথত বানাক্ৰান্তৰ খবৰ লবলৈ উপস্থিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰীগৰাকী নিশা 10 মান বজাত উপস্থিত হয়বিশ্বনাথ জিলা আৱৰ্ত ভৱনত । জিলা উপায়ুক্ত,
জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ মুৰব্বী সকলৰ সৈতে এক আলোচনাত মিলিত হয় জলসম্পদ মন্ত্ৰীগৰাকী । জিলাখনত বানৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।ইফালে, নিশা জিলা আৱৰ্ত ভৱনত কটাইপুৱা মন্ত্রীগৰাকীয়ে পৰিদৰ্শন কৰিব বিশ্বনাথ জিলাৰ বানপীড়িত আৰু গৰাখহনীয়া অঞ্চলসমুহত ।