বিশ্বনাথ, ১৩ অক্টোবৰ :তেজপুৰৰ জাহাজঘাটত অঘটন । ৰাজ্যসভাৰ সাংসদ তথা তেজপুৰ লাচিত চকৰ নিবাসী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ জ্যেষ্ঠ ভাতৃ কমলা বৈশ্যৰ মৃতদেহ উদ্ধাৰ ।
জাহাজঘাটত পানীত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে । মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোক সকলে । শোণিতপুৰ আৰক্ষীৰ এটা ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷