বিশ্বনাথ, ২৪ জুলাই :ৰাজ্যৰ ৰাজনীতিত এতিয়া সঘনাই চৰ্চা চলি আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো । বিগত ১১ জুলাইত ২০০১ৰ লোকপিয়ল অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতি অধিক গৰম হোৱা দেখা গৈছে । উল্লেখযোগ্য যে ৰাজ্যখনৰ সকলো বিধানসভা আৰু সংসদীয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে এই খচৰা প্ৰকাশ কৰিছিল নিৰ্বাচন আয়োগে । লগতে লোকপিয়ল আয়ুক্তই প্ৰকাশ কৰা অনুসৰি, ২০০১ৰ লোকপিয়লৰ পৰিসংখ্যা এই উদ্দেশ্যে বিবেচনা কৰা কথাও প্ৰকাশ কৰিছিল ।
আনহাতে, অসমৰ বিধানসভা আৰু লোকসভাৰ আসনৰ সংখ্যা ক্ৰমে ১২৬ আৰু ১৪ টায়ে থাকিব বুলিও উল্লেখ কৰিছিল । ১৭০ আৰু ৮২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ২০২৬ৰ পাছৰ প্ৰথম লোকপিয়লৰ প্ৰাসংগিক পৰিসংখ্যা উপলব্ধ নোহোৱালৈকে প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ আসন আৰু লোকসভাৰ আসন আবণ্টনৰ সংখ্যা সলনি কৰা নহ’ব । আনহাতে, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ১৯ খন আসন সংৰক্ষণৰ ব্যৱস্থা আৰু লোকসভাৰ ১৪ খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ২ খন আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছিল ।
একেদৰে ১২৬ খন বিধানসভা আসনৰ ভিতৰত ৯ খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ লগতে নামনি অসমত লোকসভাত সমষ্টিৰ বাবে অনুসূচিত জাতিৰ বাবে ১ খন আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়াৰ কথা ঘোষণা কৰিছিল ভাৰতীয় নিৰ্বাচন আয়োগে । ইফালে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাখনৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক দলৰ পৰা মতামত বিচাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দল যোৱা ২০ জুলাইত অসমত উপস্থিত হৈ মতামত গ্ৰহণ কৰে ।