চতিয়া, ৫ ডিচেম্বৰঃ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৰ-চাপৰিত বসবাস কৰা ৪৩০ ঘৰ সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকৰ ঘৰত উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানৰ বিয়লি সামৰণি পৰে ৷ জামুগুৰিহাটৰ জীয়াভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া লালেটাপু,দীঘলীচাপৰি,চকীঘাটকে ধৰি দহটাকৈ স্থানত যোৱা কিছুদিন ধৰি স্থানীয় মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত অন্য স্থানৰ পৰা আহি বসতি স্থাপন কৰিবলৈ লোৱা এইসকল সন্দেহজনক লোকক জিলা প্ৰশাসনৰ ফালৰ পৰা চিনাক্ত কৰি উলিওৱাৰ পাছত উচ্ছেদ কৰা হয় ৷ উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে উক্ত অঞ্চলত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হয় । বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনৰ তত্ত্বাৱধানত বৃহস্পতিবাৰে ১৭ খন জে চি বি আৰু পাঁচটা হাতীৰ সহায়ত উচ্ছেদ চলোৱা হয় । অৱশ্যে, সন্দেহজনকভাৱে বসতি স্থাপন কৰা লোকসকলক জিলা প্ৰশাসনৰ ফালৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণ কৰা হৈছিল ৷ মনকৰিবলগীয়া যে, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই লোকসকলক এই স্থান ত্যাগ কৰিবলৈ কিছুদিন পূৰ্বে হুংকাৰ প্ৰদান কৰাৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনক এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল । ইফালে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সাংবাদিকক জানিবলৈ দিয়া মতে, চতিয়াৰ পিছত পৰ্যায়ক্ৰমে তেজপুৰ,বৰচলা,ঢেঁকিয়াজুলিকে ধৰি আন সমষ্টিটো এইদৰে সন্দেহজনক লোকক শীঘ্ৰে উচ্ছেদ কৰা হ’ব ৷
জামুগুৰিহাটৰ চৰ-চাপৰিত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান
চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৰ-চাপৰিত বসবাস কৰা ৪৩০ ঘৰ সন্দেহজনক তথা ভোটাৰ তালিকাত নাম নথকা লোকৰ ঘৰত উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানৰ বিয়লি সামৰণি পৰে
জামুগুৰিহাটৰ চৰ-চাপৰিত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান