224 বছৰ অতিক্ৰম কৰিব জামুগুৰিহাটৰ কালীয়দমন ভাওনাই - শংকৰদেৱৰ তিৰোভাৱ তিথি
শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত কালীয়দমন ক্ষেত্ৰৰ কালীয়দমন ভাওনাই অতিক্ৰম কৰিব 224 বছৰ ৷
224 বছৰ অতিক্ৰম কৰিব জামুগুৰিহাটৰ কালীয়দমন ভাওনাই
চতিয়া, 31 আগষ্টঃমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত কালীয়দমন ক্ষেত্ৰত এক ছেপ্তেম্বৰত কালীয়দমন ভাওনাৰ আয়োজনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ ইয়াৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখযোগ্য যে, 1795 চনৰ পৰাই অবিৰতভাৱে শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অনুষ্ঠিত হৈ অহা কালীয়দমন ভাওনাই এইবছৰ 224 বছৰ অতিক্ৰম কৰিব ৷