বিশ্বনাথ, 5 মাৰ্চঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহী মূল্যায়নৰ তদাৰকৰ দায়িত্ব চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হাতত এৰি বিয়া খাবলৈ গ’ল বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ সহ তদাৰকী বিষয়া । এই আশ্বৰ্যজনক আৰু বিৰ্তকিত ঘটনা সংঘটিত হ’ল বিশ্বনাথ জিলাত ৷ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ বহী মূল্যায়নৰ দৰে অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ দায়িত্ব চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ হাতত এৰাৰ লগতে পাঠ দান কাৰ্যৰ পৰাও বিৰত থাকে মহাবিদ্যালয় খনৰ একাংশ প্ৰবক্তাৰ লগতে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ চিন্তা মনি শৰ্মা ৷ বুধবাৰৰ দিনটোত মহাবিদ্যালয়খনৰ একাংশ প্ৰৱক্তাৰ লগতে উচ্চতৰ মাধ্যমিকৰ বহী মূল্যায়নত নিয়োজিত বিষয়া প্ৰবক্তা চন্দ্ৰ মনি শৰ্মা, নৰেশ ঠাকুৰ আৰু ৰিদীপ ভূঞাও এখন বিবাহৰ অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে মজুলীলৈ যায় ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ চিন্তা মণি শৰ্মাৰ অনুপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্বত লোৱা মৰমী ভট্টাচাৰ্য্যও দিনৰ 2 বজাৰ পৰা তেজপুৰত অনুষ্ঠিত কোনো সভাত অংশগ্ৰহণ কৰিবলৈ যায় ৷
চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হাতত দিলে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহী মূল্যায়নৰ তদাৰকীৰ দায়িত্ব - চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হাতত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহী মূল্যায়নৰ তদাৰকীৰ দায়িত্ব
মহাবিদ্য়ালয়ৰ গুৰুত্বপূৰ্ম কাম এৰি মাজুলীত বিয়া খাবলৈ যোৱাৰ অভিযোগ বিশ্বনাথ মহাবিদ্যালয়ৰ একাংশ প্ৰৱক্তাৰ বিৰুদ্ধে ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহী মূল্যায়নৰ তদাৰকৰ দায়িত্ব এৰি সভাত অংশগ্ৰহণ কৰিবলৈ গ’ল ভাৰপ্ৰাপ্ত অধ্যক্ষ ৷

সাংবাদিকৰ দল বুধবাৰে মহাবিদ্যালয়ত উপস্থিত হোৱালৈকে কৰ্মস্থানত আহি উপস্থিত হোৱা নাছিল মহাবিদ্যালয় খনৰ গ্ৰন্থগাৰিকা ৷ অধ্যক্ষৰ অনুপস্থিতিৰ সুযোগ গ্ৰহণ কৰি সময়মতে মহাবিদ্যালয়ত উপস্থিত হোৱা নাছিল একাংশ প্ৰবক্তা আৰু কৰ্মচাৰীও ৷ যি সময়ত মহাবিদ্যালয় খনত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ বহী মূল্যায়নৰ দৰে অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ কাম কাজ চলি আছে, তেনে সময়তে মহাবিদ্যালয়খনৰ প্ৰৱক্তা সকলৰ এনে দায়িত্বহীন কাৰ্যক সমালোচনা কৰিছে সচেতন মহলে ৷
লগতে পঢ়কঃকোভিদ 19 ফ্লুৰ তুলনাত অধিক ভয়াবহঃ বিশ্ব স্বাস্থ্য সংস্থা