অসম

assam

ETV Bharat / state

অৰুণাচলৰ কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ - ETV BHARAT

অৰুণাচলৰ কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ স্থানীয় ৰাইজৰ ৷  কোম্পানীটোৱে নিৰ্মাণ কৰা সম্পূৰ্ণ পথ চোৱাৰ উচ্চ পৰ্যায়ৰ এক তদন্ত দাবী জনাইছে সচেতন ৰাইজে ।

road construction in Bihali

By

Published : May 14, 2019, 11:04 PM IST

বিশ্বনাথ , 14 মে' : বিশ্বনাথ চাৰিআলি পৰা গহপুৰ লৈ প্ৰায় ৬০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্তভাৱে নিৰ্মাণ কৰিবলৈ ২০১৬ চনতে দায়িত্ব লাভ কৰিছিল অৰুণাচলৰ টি কে ইঞ্জিনিয়াৰিং নামৰ এটা পথ নিৰ্মাণ সংস্থাই ৷ কিন্তু কোম্পানীটোৱে পথ চোৱা অতি নিম্নমান আৰু লেহেমীয়া গতিত নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অৰুণাচলৰ কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ

আনহাতে মঙ্গলবাৰে অহা এজাক বৰষুণৰ ফলতে বিহালী সমষ্টিৰ নাচবৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুনকৈ নিৰ্মাণ কৰা পথটো কিছু কিছু অংশত খহি পৰা লগতে পথ চোৱা বহু অংশত তললৈ বঢ়ি গৈ পকা পথটো ফাটি যোৱা দেখা গৈছে ৷ কোম্পানীৰটোৰ নিম্নমানৰ কামৰ ফলতে এই অৱস্থা হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কোম্পানীয়ে নিৰ্মাণ কৰা সম্পূৰ্ণ পথ চোৱাৰ উচ্চ পৰ্যায়ৰ এক তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে ।

ABOUT THE AUTHOR

...view details