অসম

assam

ETV Bharat / state

বিশ্বনাথত এনৰেগা আচঁনিৰ ৰাহী ধনেৰে নিৰ্মাণ কৰিলে বিদ্যালয় লোহাৰ গেট - বিদ্যালয় লোহাৰ গেট

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি ২০০৫ ৰ জৰিয়তে অশিক্ষিত লোক সকলক জীৱন নিৰ্বাহৰ ন্যূনতম প্ৰয়োজনীয় সামগ্ৰী গোটাৱাৰ বাবে বহু পূৰ্বেই প্ৰশাসনে এখন আঁচনি যুগুত কৰি উলিয়াইছিল ৷ বিশ্বনাথ জিলাৰ ৭৭নং বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত এখন গাঁও পঞ্চায়তে আঁচনি খনৰ অন্তৰ্গত সকলো নীতি নিৰ্দেশাৱলী মানি এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

MGNREGA আচঁনিৰ ৰাহী ধনেৰে নিৰ্মাণ হ’ল বিদ্যালয়ৰ গেট
MGNREGA আচঁনিৰ ৰাহী ধনেৰে নিৰ্মাণ হ’ল বিদ্যালয়ৰ গেট

By

Published : Oct 15, 2020, 10:47 PM IST

বিশ্বনাথ ১৫ অক্টোবৰ :মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি ২০০৫ ৰ জৰিয়তে অশিক্ষিত লোক সকলক জীৱন নিৰ্বাহৰ ন্যূনতম প্ৰয়োজনীয় সামগ্ৰী গোটাৱাৰ বাবে বহু পূৰ্বেই প্ৰশাসনে এখন আঁচনি যুগুত কৰি উলিয়াইছিল ৷
তথাকথিত ঠিকাদাৰ ৰাজৰ পৰিৰ্ৱতে কৰ্মদ্যমী লোক সকলক শ্ৰমৰ সুবিধা প্ৰদান কৰাই আছিল ইয়াৰ প্ৰধান উদ্দেশ্য ৷ কিন্তুু বাস্তৱত বেছি ভাগ ক্ষেত্ৰতেই আচনিখন আধৰুৱা হৈ ৰোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো ধনৰ জোৰত আঁচনিৰ ঠিকা নিজৰ অধীনলৈ আনি একাংশই টেক্টৰ নাইবা জেচিবিৰ সহায়ত কাম কৰি আহিছিল ৷ যাৰ ফলত দৰিদ্ৰ জৰ্বকাৰ্ডৰ হিতাধিকাৰী সকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছিল ৷

MGNREGA আচঁনিৰ ৰাহী ধনেৰে নিৰ্মাণ হ’ল বিদ্যালয়ৰ গেট

কিন্তু বিশ্বনাথ জিলাৰ ৭৭নং বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত এখন গাঁও পঞ্চায়তে আঁচনি খনৰ অন্তৰ্গত সকলো নীতি নিৰ্দেশাৱলী মানি এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখযোগ্য যে বটিয়ামাৰী গাঁও পঞ্চায়তৰ অধীনৰ ৪ নং ৱাৰ্ডৰ পুৰণা ৰৌ মাৰি মাধ্যমিক বিদ্যালয়ৰ চৌহদত মাটি পেলোৱাৰ বাবদ ২০১৯-২০ বৰ্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা লাভ কৰা ৩ লাখ টকাৰ সু -প্ৰয়োগ কৰি অৱশিষ্ট ধনৰাশিৰে পঞ্চায়তখনে বিদ্যালয়ৰ চাৰিওদিশ কাটা তাঁৰ পকা খুঁটা আৰু সমুখত এখন লোহাৰ গেট নিৰ্মাণ কৰিলে ৷

এই আঁচনিৰ খনৰ নামত অহা ধনেৰে এই দৰে সুন্দৰভাৱে ব্যৱহাৰ কৰি ৰাজহুৱা কাম কৰাত শলাগ ল’বলৈ সক্ষম হৈছে জনতাৰ পঞ্চায়ত প্ৰতিনিধিয়ে । এই পদক্ষেপৰ সফল ৰূপায়নত বিশেষ ভূমিকা লৈছিল বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত,গাঁও পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, সচিব মহেন্দ্ৰ উপাধ্যায়, অভিযন্তা কবিতা চুতীয়া, অঞ্চলটো সচেতন যুৱক নবীন ভৰালী, ৱাৰ্ড সদস্য ৰতন ৰয় লগতে , স্থানীয় প্ৰতি গৰাকী জব কাৰ্ডৰ হিতাধিকাৰীয়ে ।

লগতে পঢ়ক:আলফাই দাবী কৰা ধন দিবলৈ গৈ চাৰিজন আটক

ABOUT THE AUTHOR

...view details