বিশ্বনাথ,১২ মে’:আজি ১২ মে' অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস । আধুনিক নাৰ্চিং ব্যৱস্থাৰ বাটকটীয়া ফ্ল’ৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয় । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল’ৰেঞ্চ নাইটিংগেলে যুদ্ধক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল । নাইটিংগেলৰ এই মানৱ সেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱস ।
ক’ভিড ১৯ মহামাৰীৰ মাজতে দেশৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথৰ বিভিন্ন চিকিৎসালয়ত নাইটিংগেলৰ জন্মদিনটো বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয় ৷ এই উপলক্ষে গহপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসালয়খনৰ ডিপিএম হৰেণ গগৈয়ে কৰ্মৰত নাৰ্চসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ।