বিশ্বনাথ, 28 ডিচেম্বৰ :আপোনাৰ বিপদৰ সময়ত সহায়ৰ বাবে সদা প্ৰস্তুত অসম আৰক্ষী । বিপদত পৰা যিকোনো লোকৰ সহায়ৰ বাবে তৎপৰ হৈ থাকে অসম আৰক্ষী । কিন্তু থানা এখনলৈ গ’লে আৰক্ষীৰ প্ৰতি ভাল ভাৱ নে বেয়া ভাৱ সৃষ্টি হয় আপোনাৰ ? প্ৰায়ে শুনা যায়, পুলিচৰ ওচৰলৈ যাবই নোৱাৰি ।
এনে বিভিন্ন সুনাম অথবা অভিযোগৰ পাছতো দেখিবলৈ পোৱা যায় অধিক সংখ্যক আৰক্ষীৰ কৰ্তব্য পৰায়ণৰ এক সুন্দৰ চানেকি ৷ ব্যত্যিক্ৰম নহয় আৰক্ষী অধীক্ষক লীনা দলেও ৷
বৰ্তমান বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক হিচাবে কৰ্তব্যৰত লীনা দলেৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা সঁচাকৈয়ে প্ৰসংশনীয় ৷ শেহতীয়াকৈ জিলাখনৰ পৰা দূৰ্নীতিকে ধৰি অপৰাধ নিৰ্মূলৰ বাবে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত অলপো আপোচ নকৰাকৈ সদায়েই এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে আৰক্ষী অধীক্ষক লীনা দলেয়ে ৷ সেয়া লাগিলে ড্ৰাগছৰ বেহা উৎখাত কৰাই হওঁক, নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ বিভিন্ন ঘটনাই হওঁক, এই সকলোৰে বিৰুদ্ধে অধিক সষ্টম হৈ কঠোৰ ভূমিকা পালন কৰি আহিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷