বিশ্বনাথ, ৫আগষ্ট:বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত ১ আগষ্টৰ পৰা অনুষ্ঠিত আন্তঃজিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন শুকুৰবাৰে অনুষ্ঠিত হয় (Inter District Police Station Football Competition)। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত চূড়ান্ত খেলখন শুভ উদ্ধোধন কৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে ।
বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত বিহালী আৰক্ষী থানা আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ মাজত অনুষ্ঠিত এই খেলখন প্ৰথমাৰ্ধত গ'ল শূণ্য ভাবে সমাপ্ত হয় । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দ্বিতীয়াৰ্ধৰ খেল অৰাম্ভ হোৱাৰ কিছু সময় পিছতে বিহালী আৰক্ষী দলে বিশ্বনাথ আৰক্ষীক ১ গ'ল দিবলৈ সক্ষম হয় । নিৰ্ধাৰিত সময়লৈকে খেলখন ১-০ ভাৱে সমাপ্ত হোৱাত বিহালী আৰক্ষী দলে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বিহালী আৰক্ষীৰ অমল বৰাই । আনহাতে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লকিপাৰৰ সন্মান লাভ কৰে জেবিয়াৰ খাৰীয়াই ।