বিশ্বনাথ, 30 জুলাই : যোৱা 22 জুলাই পৰা অসমত আন্তঃজিলা বাছ সেৱা আৰু ব্যক্তিগত বাহনৰ চলাচল বন্ধ অব্যাহত আছে যদিও ৰাজ্য চৰকাৰে 30 আৰু 31 জুলাইত পুনৰ দুদিনৰ বাবে মুকলি কৰিছে যাতায়াত ব্যৱস্থা ৷ এই দুটা দিনত চৰকাৰৰ অনুমতি অবিহনে সকলো লোকে অহা-যোৱা কৰিব পাৰিব ৷ এই দুদিনৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সমুহো সাজু কৰি তুলিছে পৰিবহণ বিভাগে ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে সদৰি কৰে যে, 30 আৰু 31 জুলাইত পৰিবহণ বিভাগৰ বাছ সেৱা সম্পূৰ্ণ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে । যিসকল লোকে পৰিবহণ বিভাগৰ বাছত যাত্ৰা কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে অসম ৰাজ্যিক পৰিবহন নিগমৰ www.redbus.in ৱেবচাইটত গৈ অনলাইন বুকিং কৰিব পাৰে অথবা বাছ আস্থানত গৈও টিকট বুক কৰিব পাৰিব যাত্ৰীসকলে ৷