অসম

assam

ETV Bharat / state

Market house inaugurated: বিশ্বনাথত বজাৰ গৃহৰ উদ্বোধন - Market house inaugurated

নাবাৰ্ডৰ উদ্য়োগত বিশ্বনাথত বজাৰ গৃহৰ শুভ উদ্বোধন । ১৮,৬৪,৪০০ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হয় বজাৰ গৃহটি । যোৱা ফেব্ৰুৱাৰী মাহত নাবাৰ্ডৰ আচঁনি দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল ।

Inauguration of market house in Biswanath
বিশ্বনাথত বজাৰ গৃহৰ শুভ উদ্বোধন

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 12:55 PM IST

বিশ্বনাথত বজাৰ গৃহৰ শুভ উদ্বোধন

বিশ্বনাথ,৮ অক্টোবৰ: নাবাৰ্ডৰ উদ্যোগত আৰু বিশ্বনাথৰ স্বেচ্ছাসেৱী সংগঠন কেডেটৰ সহযোগত বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্ত কয়লাজুলিত শনিবাৰে এখন বজাৰ গৃহ শুভ উদ্বোধন কৰে নাবাৰ্ডৰ মহা প্ৰৱন্ধক নবীন ৰয়ে । এই গৃহটি যোৱা ফেব্ৰুৱাৰী মাহত নাবাৰ্ডৰ আচঁনি দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল । যাৰ ফলত স্বেচ্ছাসেৱী সংগঠনটোৱে অতি কম সময়ৰ ভিতৰত বজাৰ গৃহটি নিৰ্মাণ কৰি দিয়াত নাবাৰ্ডৰ মহা প্ৰৱন্ধক নবীন ৰয়ক ধন্যবাদ জ্ঞাপন কৰে ।

নাৰ্বাডৰ মহা প্ৰৱন্ধক নবীন ৰয় জানিবলৈ দিয়া অনুসৰি এই গৃহটি বাবে নাবাৰ্ডৰ তৰফৰ পৰা ১৮,৬৪,৪০০ টকাৰ ব্যয় আগবঢ়োৱা হৈছিল য'ত এই গৃহটি জৰিয়তে অঞ্চলটোত এখন বজাৰ গঢ়ি উঠে এই বজাৰখনৰ জড়িয়তে অঞ্চলটো আদিবাসী, কাৰ্বি বড়ো লগতে জনজাতি লোকসকলৰ মহিলাসকলে ঘৰতে উৎপাদিত কৰা যিকোনো সামগ্ৰী এই বজাৰতে সহজে বিক্ৰী কৰিব পাৰে তাৰ বাবে নাবাৰ্ডে এই পদক্ষেপ লোৱা বুলি প্ৰকাশ কৰে নাবাৰ্ডৰ মহা প্ৰৱন্ধক নবীন ৰয়ে ।

আনহাতে এই কাৰ্যসূচীতে মহাপ্ৰৱন্ধক নবীন ৰয়ে অঞ্চলটোৰ লগতে মিলেটৰ উৎপাদিত সামগ্ৰী সমূহ এই বজাৰ গৃহতে বিক্ৰী বাবে মুকলি কৰি ৰাইজলৈ আগবঢ়াই দিয়ে মহাপ্ৰৱন্ধগৰাকীয়ে । উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্ত অতিকৈ ভিতৰুৱা অঞ্চল সমূহত নাবাৰ্ডৰ ফালৰ পৰা আন বহু কেইখন উন্নয়ন মূলক আচঁনি কাম চলি থকা কথাও অৱগত কৰে মহাপ্ৰৱন্ধগৰাকীয়ে ।

এইদৰে অঞ্চলটোৰ ৰাইজৰ উন্নয়ন চিন্তা কৰা নাবাৰ্ডৰ কাম-কাজক লৈ উৎফুল্লিত হয় কয়লাজুলি ৰাইজ । আনহাতে অঞ্চলটো কৃষক সকলৰ উন্নয়নৰ স্বাৰ্থত ভৱিষ্যতে নাবাৰ্ডে কাম কৰি যাব বুলি প্ৰকাশ কৰে মহাপ্ৰৱন্ধক নবীন ৰয়ে । এই কাৰ্যসূচীত উপস্থিত থাকে নাবাৰ্ডৰ জিলা প্ৰৱন্ধক সুমন চেৰ্টাজী, বিশ্বনাথৰ কষি মহাবিদ্যালয়ৰ বিজ্ঞানী পল্লৱ কুমাৰ শৰ্মা, বিশ্বনাথ জিলা পৰিষদৰ উপ সভানেত্ৰী গায়ত্ৰী কুৰ্মীৰ লগতে অঞ্চলটো বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে স্বেচ্ছাসেৱী সংগঠনৰ সদস্য ।

লগতে পঢ়ক:Sanjay Kishan at Biswanath: বিশ্বনাথত আত্মহনন কৰা ছাত্ৰীৰ বাসগৃহত মন্ত্ৰী সঞ্জয় কিষাণ

ABOUT THE AUTHOR

...view details