অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বিশ্বনাথত আৰম্ভ পথ মেৰামতিৰ কাম - ৰাষ্ট্ৰীয় ঘাইপথ

ইটিভি ভাৰতত বাতৰি প্ৰচাৰ হোৱাৰ পাচতে পথ মেৰামতিৰ বাবে ওলাই আহিল উদয় আদিত্য গোস্বামী মালিকাধীন শৈল্যজা পথ নিৰ্মাণকাৰী সন্থা ৷ সংস্থাটোৰ শ্ৰমিকে দেওবাৰে পুৱাৰে পৰা নিয়োজিত হৈ আছে পথৰ মেৰামতিৰ কামত৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

By

Published : May 5, 2019, 7:19 PM IST

বিশ্বনাথ, 5 মে' : বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা প্ৰায় 60 কি.মি পথৰ দুৰৱস্থাৰ বিষয়ে ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ পাচতে পথ মেৰামতিৰ বাবে আগবাঢ়ি আহিল এটা নিৰ্মাণকাৰী সংস্থা ৷ পথৰ মাজত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতত এজাক বৰষুণতেই জমা হৈছিল পানী৷ পথছোৱাৰ এই দুৰৱস্থাৰ বাবে দীৰ্ঘদিনে যমৰ যাতনাত ভুগি আহিছিল অঞ্চলবাসী৷ পথছোৱাৰ মেৰামতিৰ বাবে বিশ্বনাথ প্ৰশাসনক ৰাইজে দাবী উত্থাপন কৰি আহিছিল যদিও প্ৰশাসন কিম্বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

ইটিভি ভাৰতে পথছোৱাৰ দুৰাৱস্থা দেখুওৱাৰ পাচতে দেওবাৰে পথৰ মেৰামতিৰ বাবে আগবাঢ়ি আহিছে বিশ্বনাথৰ ৰতোৱা তথা গহপুৰৰ সন্তান উদয় আদিত্য গোস্বামী মালিকাধীন শৈল্যজা পথ নিৰ্মাণকাৰী সন্থা ৷ সংস্থাটোৰ শ্ৰমিকে দেওবাৰে পুৱাৰে পৰা নিয়োজিত হৈ আছে পথৰ মেৰামতিৰ কামত৷

ABOUT THE AUTHOR

...view details