বিশ্বনাথ, ১ নৱেম্বৰ: অস্বাস্থ্যকৰ পৰিৱেশত অবৈধভাৱে সুৰা প্ৰস্তুত কৰি একাংশ অসাধু লোকে মানুহৰ স্বাস্থ্যৰ সৈতে হেতালি খেলি আহিছে । এই অবৈধ বেহা বন্ধ কৰাৰ বাবে প্ৰশাসনে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পাচতো কোনো কাণসাৰ নিদিয়ে এই লোকসকলে । সোমবাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশত বিশ্বনাথ মহকুমা আবকাৰী বিভাগে অবৈধ দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলায় ।
বিশ্বনাথ মহকুমা আবকাৰী উপ-অধীক্ষক দ্বীপেন বৰা, মহকুমা পৰিদৰ্শক শৰৎ তিমুঙৰ নেতৃত্বত বিভাগীয় বিষয়াৰ দলে বিহালীৰ বিভিন্ন অঞ্চলত অভিযান চলায় । এই অভিযানত প্ৰায় ২৫০ লিটাৰ চুলাই পাচ নষ্ট কৰাৰ লগতে বহু কেইটা চুলাই ঘাটি উৎখাত কৰে অভিযানকাৰী দলটোৱে । আনহাতে, উক্ত দিনাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সুৰা কঢ়িয়াই নিয়া কেইবাখনো বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰে আবকাৰী বিভাগে ।