অসম

assam

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 1:06 PM IST

ETV Bharat / state

চতিয়াৰ মৰনৈ নদীৰ দলঙত দুৰ্ঘটনাগ্ৰস্ত বাহন, তিনিটাকৈ চোৰাংভাৱে অনা গৰু জব্দ

চতিয়াত দুৰ্ঘটনাত পতিত এখন আই 20 বাহন ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা চোৰাংভাৱে অনা তিনিটাকৈ গৰু উদ্ধাৰ ৷

Road Accident in Sootea
চতিয়াৰ মৰনৈ নদীৰ দলঙত দুৰ্ঘটনাগ্ৰস্ত বাহন

বিশ্বনাথ, 21 নৱেম্বৰ : আৰক্ষী যদি ডালে ডালে, গৰু চোৰো পাতে পাতে ৷ ৰাজ্যত যিমানে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে সিমানে ন ন কৌশলেৰে গৰু চোৰাংভাৱে সৰবৰাহ কৰি আছে একাংশ চোৰাং সৰবৰাহকাৰীয়ে ৷ কেতিয়াবা যদি যাত্ৰীবাহী বাছৰ পৰা চোৰাংভাৱে অনা গৰু উদ্ধাৰ হৈছে আন কেতিয়াবা বিলাসী বাহনৰ পৰা উদ্ধাৰ হৈছে চোৰাংভাৱে অনা গৰু ৷

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ সময়তে চতিয়াত আৰক্ষীয়ে জব্দ কৰে এখন আই 20 বাহন ৷ জব্দ কৰা বাহনখনৰ পৰা চোৰাংভাৱে অনা তিনিটাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 02 AH 0403 ৷

ঘটনা বিবৰণি অনুসৰি, আই 20 বাহনখনত চোৰাংভাৱে তিনিটাকৈ গৰু লৈ গৈ আছিল চোৰাং গৰু সৰবৰাহকাৰীয়ে ৷ বিশ্বনাথ চাৰিআলি দিশে গৈ থকা অৱস্থাত চোৰাংভাৱে অনা গৰু ভৰ্তি বাহনখন চতিয়াৰ মৰনৈ নদীৰ দলঙত খুন্দা মাৰে ৷ দুৰ্ঘটনা সংঘটিত কৰাৰ পাচতে ঘটনাস্থলীতে চোৰাংভাৱে অনা গৰু কেইটা এৰি পলায়ন কৰে সৰবৰাহকাৰীয়ে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে চতিয়া আৰক্ষীক খবৰ দিয়ে ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন আৰু উদ্ধাৰ কৰে গৰুকেইটা ৷

আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চতিয়াৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ ঘটনা ৷ সোমবাৰে নিশা চুৰি গৰু লৈ পলায়ন কৰোতে দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ যাৰ বাবে গৰু আৰু বাহন এৰি পলায়ন কৰে চোৰে, এই মন্তব্য স্থানীয় লোকৰ ৷ ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:দুই যুৱকৰ লক্ষ্য ১৫০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰা

ABOUT THE AUTHOR

...view details