অসম

assam

ETV Bharat / state

বিহালীত বনকৰ্মীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ কাঠ - জব্দ

বিহালীত পুনৰ বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ বন কৰ্মীৰ ।

বিহালীত বনকৰ্মীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ কাঠ
বিহালীত বনকৰ্মীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ কাঠ

By

Published : Oct 6, 2020, 6:47 PM IST

বিশ্বনাথ,৬ অক্টোবৰ:মঙলবাৰে বিশ্বনাথৰ বৰগাং বনাঞ্চলিক বিষয়া ডঃ ফ্ৰীৰফিল্লা বসুমতাৰী নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে অভিযান চলায় বৃহৎ পৰিমাণৰ অবৈধ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

বিহালীত বনকৰ্মীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ কাঠ
বিহালী বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত চিংলীজান বন শিবিৰ অঞ্চলত মঙলবাৰে পূৱা ৫ মান বজাত বৰগাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে বিভিন্ন অঞ্চলত অভিযান চলায় । চোৰাং কাঠ সৰবৰাহৰে বিহালী বনাঞ্চলৰ চিংলীজান বনাঞ্চল পৰা অবৈধ ভাৱে চোৰাং কাঠ নি থকা এক গোপন খবৰ লাভ কৰিছিল।
বিহালীত বনকৰ্মীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ কাঠ
ইফালে খবৰ লাভ কৰিয়েই বন বিষয়া গৰাকীৰ নেতৃত্বত যোৱা বনকৰ্মীৰ দলটোৱে অভিযান চলাই বৃৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে যদিও অবৈধ কাঠ সৰবৰাহকাৰীয়ে বন বিভাগৰ দলটো যোৱা খবৰ পাই পলায়ন কৰিবলৈ সক্ষম হয়।
বিহালীত বনকৰ্মীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ কাঠ
আনহাতে,যোৱা কেইবাদিন ধৰি বিহালী বনাঞ্চল আৰু চিংলীজান বনাঞ্চল পৰা কেইজনমান অবৈধ কাঠ সৰবৰাহকাৰীয়ে বনাঞ্চলখনত প্ৰৱেশ কৰি বনাঞ্চল খনৰ বহু মূল্যৱান গছ কাটি মুকলি বেহা চলাই গৈছিল যদিও নতুনকৈ বৰগাং কাৰ্যালয়ত বন বিষয়া হিচাপে যোগদান কৰা মহিলা বিষয়া গৰাকীৰ তৎপৰতা সঘনাই অবৈধ কাঠ সৰবৰাহকাৰী আৰু কাঠ জব্দ লগতে অবৈধ শিল বালি গাড়ী জব্দ কৰা কাৰ্যত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

ABOUT THE AUTHOR

...view details