অসম

assam

ETV Bharat / state

বিহালীত অবৈধ খৰি কঢ়িওৱা ট্ৰেক্টৰ জব্দ বন বিভাগৰ - seized

বিহালীত বন বিভাগৰ অমনোযোগিতাৰ বাবেই বনাঞ্চল ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ । ইতিমধ্যে অসাধু চক্ৰই বনাঞ্চলৰ পৰা কাটি কাটি তহিলং কৰিছে মূল্যবান গছ-গছনি ।

 বিহালীত অবৈধ খৰি কঢ়িওৱা ট্ৰেক্টৰ জব্দ বন বিভাগৰ
বিহালীত অবৈধ খৰি কঢ়িওৱা ট্ৰেক্টৰ জব্দ বন বিভাগৰ

By

Published : Oct 11, 2020, 10:24 PM IST

বিশ্বনাথ ১১ অক্টোবৰ : বিহালীত এতিয়াও অব্যাহত আছে বন ধ্বংস কাৰ্য । ইতিমধ্যে দেওবাৰে বিশ্বনাথৰ বৰগাংৰ বনাঞ্চলিক বিষয়া ড৹ ফ্ৰীৰফিল্লা বসুমতাৰী নেতৃত্বত যোৱা এটা বন কৰ্মী দলে বিহালী কুলাগুৰী পৰা এখন খৰি ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বিহালী চেৰেলীয়াত থকা একাংশ ইটাভাটা মালিকে এই খড়ি সমুহ ইটা নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিবলৈ একাংশ লোকক টকাৰ লোভ দি অঞ্চলটোত থকা বহু মূল্যবান গছ-গছনি কাটিবলৈ উচতনি দিয়া অভিযোগ উঠিছে ।

একাংশ ইটাভাটা মালিকে কেইটামান টকাৰ লোভ দি একাংশ সহজ সৰল লোকক গছ-গছনি কাটিবলৈ উচতনি দি অহাত এতিয়া অতিষ্ঠ হৈছে প্ৰকৃতিপ্ৰেমী সংগঠন সমুহ । এই দৰে দৈনিক বিহালীৰ একাংশ ইটাভাটালৈ ট্ৰেক্টৰে ট্ৰেক্টৰে খৰি যোৱা পৰিলক্ষিত হৈছে যদিও নিলিপ্ত ৰূপত বনাঞ্চলৰ খনৰ নিকটৱৰ্তী বনশিৱিৰৰ দায়িত্ব থকা বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল ।

উল্লেখযোগ্য যে যিকোনো গছ-গছনি কটা পূৰ্বে বন বিভাগৰ পৰা অনুমতি ল'ব লাগে যদিও তেনে কোনো অনুমতি নোলোৱাকৈ বিভিন্ন সময়ত একাংশ লোকে গছ- গছনি কাটি খড়ি নামত বিক্ৰী কৰি অহা বুলি অভিযোগ কৰে ৰাইজে ।

উল্লেখযোগ্য যে, তেনে অনুমতি নোলোৱা এখন খড়ি ভৰ্তি ট্ৰেক্টৰ দেওবাৰে বৰগাংৰ বন বিভাগে জব্দ কৰে । আনহাতে জব্দ কৰা ট্ৰেক্টৰ খনৰ খৰি সমুহ প্ৰকৃতে বিহালী বনাঞ্চলৰ হয় নে ? কাৰোবাৰ বাৰী গছ হয় এই বিষয় বৰ্তমানলৈকে কোনো স্পষ্ট হোৱা নাই যদিও বিহালী সচেতন মহলে বিহালী বনাঞ্চলৰ বুলি সন্দেহ প্ৰকাশ কৰে ।

ইফালে প্ৰকৃততে এই গছৰ খৰি সমুহ কোন ঠাইৰ হয় বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ।



ABOUT THE AUTHOR

...view details