বিশ্বনাথ,১৩ অক্টোবৰঃবিশ্বনাথৰ বৰগাং আৰু বুৰৈ নদীত অব্যাহত আছে শিল বালিৰ লুন্ঠন । ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে নিশালৈকে এটা চক্ৰই নদী দুখনৰ পৰা বন বিভাগৰ চকুত ধূলি দি অবৈধভাৱে সৰবৰাহ কৰি আহিছে শিল বালি ।
বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ - ILLEGAL SAND LOADING TRACTOR SEIZED IN BORGANG FOREST DEPT ASSAM
বিশ্বনাথ জিলাৰ বিহালীত বৰগাং আৰু বুৰৈ নদীত বনজ সম্পদৰ ওপৰত চলি থকা লুন্ঠন আজিৰ কথা নহয় ৷ বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ।
![বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9163044-thumbnail-3x2-borgang.jpg)
বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ
উল্লেখযোগ্য যে বৰগাং বনাঞ্চলিক কাৰ্যালয়ত বন বিভাগৰ লোক থাকে যদিও নিচেই কাষতে থকা ৪নং আৰু ৩নং শিল বালিৰ মহলটোৰ পৰা একাংশ লোকে কোনো চালান সংগ্ৰহ নকৰাকৈ শিল-বালি সংগ্ৰহ কৰি থকাৰ পাচতো বন বিভাগৰ লোক মৌনতা অৱলম্বন কৰি থকা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। ইফালে মঙলবাৰে বৰগাঙৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা বন কৰ্মীৰ দলে বৰগাং নদীৰ পৰা বালি কঢ়িয়াই নি থকা সময়তে চালান নোহোৱা বালি ভৰ্ত্তি ট্ৰেক্টৰ জব্দ কৰি কাৰ্যালয়লৈ আহে যদিও ট্ৰেক্টৰৰ মালিকে পলায়ন কৰে ।