বিশ্বনাথ, 5 অক্টোবৰঃসোমবাৰে বিশ্বনাথ জিলাৰ বিহালীত জব্দ কৰা হয় অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ লগতে ট্ৰেক্টৰ ৷ বিহালী বৰগাং বন বিষয়া ডঃ ফ্ৰীৰফিল্লা বসুমতাৰী নেতৃত্বত যোৱা বনকৰ্মীৰ এটা দলে বিহালী বুৰৈ নদী পৰা শিল- বালি ভৰ্ত্তি চালান বিহীন ডাম্পাৰখনৰ লগতে অবৈধ ভাৱে মাটি সৰবৰাহ কৰা এখন ট্ৰেক্টৰো জব্দ কৰে ৷
বিহালীত অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ জব্দ - বন বিষয়া ডঃ ফ্ৰীৰফিল্লা বসুমতাৰী
বিহালী বৰগাং বন বিষয়া ডঃ ফ্ৰীৰফিল্লা বসুমতাৰী নেতৃত্বত যোৱা এটা বন কৰ্মী দলে বিহালী বুৰৈ নদী পৰা শিল- বালি ভৰ্ত্তি চালান বিহীন ডাম্পাৰখনৰ লগতে অবৈধ ভাৱে মাটি সৰবৰাহ কৰা এখন ট্ৰেক্টৰো জব্দ কৰি কাৰ্যালয়লৈ লৈ আহে ৷
![বিহালীত অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ জব্দ Illegal sand and gravel dumper seized in Bihali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9062809-214-9062809-1601914041355.jpg)
বিহালীত অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ জব্দ
ইপিনে, মহিলা বন বিষয়াগৰাকীয়ে যোৱা ১১ ছেপ্টেম্বৰ যোগদান কৰি ১৩ ছেপ্টেম্বৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে যি তৎপৰতা দেখুৱালে সেই কাৰ্যক এতিয়া শলাগ লৈছে দল-সংগঠনসমূহে ৷
লগতে পঢ়কঃকাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !