বিহালী,২৯ ডিচেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধভাৱে গঢ়ি উঠিছে শ শ ইটাভাটা (Illegal brick industry in Assam)। প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই প্ৰতিদিনে ইটাভাটাসমূহ চলি আছে । প্ৰদূষণৰ লগতে স্থানীয় লোকৰ প্ৰতিও ভাবুকি আহিছে এই অবৈধ ইটাভাটাসমূহৰ দ্বাৰা । প্ৰশাসনৰ নিৰ্দেশনা উলংঘন কৰি ইটাভাটাসমূহ চলি আছে যদিও সেইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই (Brick industry violates administration guidelines)। একাংশ মালিকে প্ৰশাসন তথা বন বিভাগক মেনেজ কৰি অবৈধভাৱে ইটাভাটাসমূহ চলাই থকাৰো অভিযোগ উত্থাপন হৈ আহিছে ।
এইবাৰ তেনে এক অভিযোগ উত্থাপন হৈছে বিশ্বনাথ জিলাৰ বিহালীৰ এটা ইটাভাটাৰ মালিকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি বিহালী চেৰেলীয়া শিয়ালমাৰিস্থিত MBF নামৰ ইটাভাটাৰ মালিকে অবৈধভাৱে কৃষিভূমি ধ্বংস কৰি আহিছে (MBF brick industry at Behali)। প্ৰশাসনৰ অনুমতি অবিহনে ইটাভাটাৰ মালিকে অঞ্চলটোৰ ভূমি খনন কৰি আহিছে । বিভিন্ন কৌশলেৰে বহু কৃষকৰ কৃষিভূমিও খনন কৰা দেখা গৈছে । অভিযোগ অনুসৰি বহু কৃষকৰ অনুমতি অবিহনেই তেওঁলোকৰ ভূমি খনন কৰিছে ইটাভাটাৰ মালিকে ।
ইফালে এই খননৰ ফলত শ শ বিঘা কৃষিভূমি নষ্ট হৈছে । ৰাইজে অভিযোগ কৰা মতে ইটাভাটাৰ মালিক মাটি খননৰ বাবে খনিজ বিভাগ বা বন বিভাগৰ পৰা অনুমতিও লোৱা নাই । বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লোককো মেনেজ কৰাৰ অভিযোগ উঠিছে । ইয়াৰ দ্বাৰা ৰাজহ বিভাগৰ লাখ লাখ টকা লুণ্ঠন কৰাৰো অভিযোগ উঠিছে ।