অসম

assam

ETV Bharat / state

সুৰাৰ ৰমৰমীয়া বেহা গহপুৰ সাপ্তাহিক বজাৰত - Illegal liquor trade in Gohpur

বিশ্বনাথ জিলাৰ বিভিন্ন সাপ্তাহিক বজাৰত মুকলিকৈ বিক্ৰি কৰা পৰিলক্ষিত হৈছে সুৰা (Illegal liquor trade in Gohpur)। জিলাখনৰ একাংশ সাপ্তাহিক বজাৰৰ মহলদাৰে সুকীয়াকৈ এখন সুৰাৰ বজাৰ গঢ়ি তুলাৰো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । বিশেষকৈ, বিশ্বনাথৰ গহপুৰ পৌৰসভাৰ অধীনস্থ দেওবৰীয়া সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি মুকলিকৈ বিক্ৰী হৈ আহিছে সুৰা ।

Illegal liquor trade in Gohpur weekly market
সুৰাৰ ৰমৰমীয়া বেহা গহপুৰ সাপ্তাহিক বজাৰত

By

Published : Aug 29, 2022, 2:25 PM IST

গহপুৰ, 29 আগষ্ট: ৰাজ্যত অব্যাহত আছে অবৈধ ভাৱে সুৰা বিক্ৰিৰ বেহা ৷ এই ক্ষেত্ৰত অসম আৰক্ষী আৰু আৱকাৰী বিভাগ সষ্টম হৈছে যদিও এতিয়াও একাংশ সাপ্তাহিক বজাৰত মুকলিকৈ বিক্ৰি কৰা পৰিলক্ষিত হৈছে অবৈধ ভাৱে বিক্ৰি কৰা সুৰা ৷ শেহতীয়াকৈ, বিশ্বনাথ জিলাৰ বিভিন্ন সাপ্তাহিক বজাৰত মুকলিকৈ বিক্ৰি কৰা পৰিলক্ষিত হৈছে সুৰা (Illegal liquor trade in Gohpur)।

জিলাখনৰ একাংশ সাপ্তাহিক বজাৰৰ মহলদাৰে এখন সুকীয়াকৈ সুৰাৰ বজাৰ গঢ়ি তুলাৰো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । বিশেষকৈ, বিশ্বনাথৰ গহপুৰ পৌৰসভাৰ অধীনস্থ দেওবৰীয়া সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি মুকলিকৈ বিক্ৰী হৈ আহিছে সুৰা ।

এই ক্ষেত্ৰত বজাৰখনৰ গাতে লাগি থকা গহপুৰ মহকুমা আৱকাৰী বিভাগৰ বিষয়াসকলে সম্পূৰ্ণ নিলিপ্ত ভুমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইফালে দেওবৰীয়া বজাৰখনৰ মহলদাৰে এটা চুকত অবৈধ ভাৱে বিক্ৰি কৰা এখন সুৰাৰ বজাৰ গঢ়ি তুলাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে ।

বজাৰখনত দীৰ্ঘদিন ধৰি চলি অহা সুৰাৰ বিক্ৰিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে যোৱা ৬ আগষ্টত গহপুৰ পৌৰসভা কাৰ্যবাহী বিষয়া আৰু গহপুৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰি সুৰাৰ বেহাৰ বন্ধৰ দাবী জনাইছিল ৷ কিন্তু বিষয়টো লৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে যুৱ ছাত্ৰ পৰিষদে ।

এতিয়া প্ৰশ্ন হয় এইসকল অবৈধ সুৰা ব্যৱসায়ীক নাকি লগাব পাৰিব নে প্ৰশাসনে ? নে এনেকৈয়ে মুকলিকৈ চলি থাকিব এই বেহা !

লগতে পঢ়ক:মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details