বিশ্বনাথ, 17 ডিচেম্বৰ :বিশ্বনাথ আৰক্ষীৰ সুৰা বিৰোধী অভিযান ৷ বৃহস্পতিবাৰে বিশ্বনাথ সদৰ আৰক্ষীৰ এটি দলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰ অভিমুখে গৈ থকা এখন ট্ৰাকত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে (Illegal liquor seized at Biswanath) ৷
ঘটনা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয় নেতৃত্বাধীন আৰক্ষীৰ এটি দলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই অৰুণাচল-বান্দৰদেৱাৰ পৰা তেজপুৰ অভিমুখে অহা এখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ লগতে অভিযানকাৰী দলটোৱে প্ৰায় 800 কাৰ্টনতকৈ অধিক সুৰা ট্ৰাকখনৰ পৰা জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত ট্ৰাকচালক লোহিত বাহাদুৰ বিশ্বকৰ্মাক আৰক্ষীৰ দলটোৱে আটক কৰে ৷