অসম

assam

ETV Bharat / state

গহপুৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক

সান্ধ্য আইনৰ মাজতে অৰুণাচল প্ৰদেশৰ নাহৰ লগুণৰ পৰা ডিৰাং ভেলী আৰু ভালুকপুঙলৈ প্ৰায় ২৪০০ কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা কঢ়িয়াই অনা অৱস্থাতে জব্দ কৰা হয় ট্ৰাক । অসম অৰুণাচল সীমান্তৰ ৰাজগড় গেটত বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰে সুৰাভৰ্তি ট্ৰাককেইখন ।

illegal liquor seized at Gahpur
গহপুৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক

By

Published : May 15, 2020, 8:12 PM IST

বিশ্বনাথ,15 মেঃগহপুৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক । অত্যাৱশ্যকীয় সেৱা বুলি লিখা থকা ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় সুৰাখিনি । উল্লেখ্য যে, সান্ধ্য আইনৰ মাজতে অৰুণাচল প্ৰদেশৰ নাহৰ লগুণৰ পৰা ডিৰাং ভেলী আৰু ভালুকপুঙলৈ প্ৰায় ২৪০০ কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা কঢ়িয়াই অনা অৱস্থাতে জব্দ কৰা হয় ট্ৰাককেইখন । অসম-অৰুণাচল সীমান্তৰ ৰাজগড় গেটত বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰে সুৰাভৰ্তি ট্ৰাককেইখন । জব্দ কৰা সুৰাসমূহৰ মূল্য কেইবালাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ট্ৰাককেইখন সম্প্ৰতি গহপুৰ আৰক্ষী থানাত ৰখা হৈছে ।

গহপুৰত অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক

উল্লেখ্য যে, জব্দ কৰা ট্ৰাককেইখনৰ এখনক অত্যাৱশ্যকীয় সেৱাৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে । কিন্তু ৰহস্যজনকভাৱে ট্ৰাকখনে সুৰা কঢ়িওৱা কাৰ্যই সচেতন মহলৰ মাজত প্ৰশ্নৰ উত্থাপন কৰিছে । আনহাতে, আবকাৰী বিভাগৰ জ্ঞাতেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে অবৈধ সুৰা সৰবৰাহৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক-তেজপুৰৰ হলেশ্বৰ পঞ্চায়তত চৰকাৰী আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details