বিহালী, 22 জুন : উত্তৰ অসমত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ ৰমৰীয়া বেহা(Illegal supply of liquor in North Assam) । অৰুণাচল প্ৰদেশৰ বিভিন্ন সুৰাৰ দোকানৰ পৰা অসমৰ একাংশ যুৱকে বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত মেলি দিছে অবৈধ অৰুণাচলী সুৰা(Illegal liquor seized at Biswanath) ৷ বিহালী আৰক্ষীয়ে মঙলবাৰে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।
এক গোপন সূত্ৰৰ পম খেদি বিহালী আৰক্ষীয়ে মঙলবাৰে ৰাংছালী গাঁৱৰ এজন লোকৰ বাঁহনিত লুকুৱাই থোৱা অৱস্থাত ২৪ কাৰ্টন বিভিন্ন কোম্পানীৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উদ্ধাৰ কৰা সুৰাখিনিৰ বজাৰ মূল্য আনুমানিক ৪৫ হাজাৰ টকা বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷