বিশ্বনাথ, 7 মে' : বিশ্বনাথৰ জিনজিয়া 15নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বিলাসী বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত পোহৰলৈ আহিল অৰুণাচলী সুৰা সৰবৰাহৰ তথ্য ৷
বিশ্বনাথত বিলাসী বাহনত উদ্ধাৰ অবৈধ অৰুণাচলী সুৰা - বিশ্বনাথ
বিশ্বনাথৰ বাঘমাৰীত দুখন বিলাসী বাহন দুৰ্ঘটনাত পতিত হয় । অসম-অৰুণাচল সীমান্ত বালিজানৰ পৰা এখন আৰটিকা বাহনেৰে বিশ্বনাথৰ এজন সুৰা মাফিয়াই সুৰা ভৰ্তি নিজৰ ধাবালৈ নি থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা আন এখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় দুয়োখন বাহন ।
মঙলবাৰে বিশ্বনাথৰ বাঘমাৰীত দুখন বিলাহী বাহন দুৰ্ঘটনাত পতিত হয় । অসম-অৰুণাচল সীমান্ত বালিজানৰ পৰা এখন আৰটিকা বাহনেৰে বিশ্বনাথৰ এজন সুৰা মাফিয়াই সুৰা ভৰ্তি নিজৰ ধাবালৈ নি থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা আন এখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় দুয়োখন বাহন । এই দুৰ্ঘটনাৰ পাচতে বিলাসী বাহনেৰে পোহৰলৈ আহে কাৰ্টনে কাৰ্টনে সুৰা কঢ়িয়াই অনাৰ তথ্য ৷ ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে পলায়ন কৰে সুৰা ব্যৱসায়ীগৰাকীৰ লগতে চালকগৰাকী ৷
স্থানীয় ৰাইজৰ খবৰ ভিত্তিত জিনজিয়া আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা বাহন দুখন লগতে বৃহৎপৰিমাণৰ সুৰাখিনি জব্দ কৰে ৷